পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৱশ্যে সেই ভৰাল জনসাধাৰণৰ দয়া আৰু মৰমৰ ওপৰত নিৰ্ভৰ কৰিব। দেখি বৰ ৰং লাগে যে আমাৰ দেশৰ ছাত্ৰসকলে এনে এটা ভঁৰাল খুলি কোনো কোনো কিতাপ ৰাইজক দিছে আৰু দিবও। তেওঁলোকৰ উদ্যোগ সফল হওক, ভগবানে তেওঁলোকৰ মঙ্গল কৰোক। তেওঁলোকে কিন্তু এই কথাটী মনত ৰাখিব লাগিব যে সাহিত্যসেবী মাত্ৰেই প্ৰায় অৰ্থহীন। লক্ষ্মী আৰু সৰস্বতী দুইৰো কৃপা অতি কম লোকৰ ওপৰতহে বৰষে।

 “কিং লিয়েৰ"⸺১৬০৫ কি ১৬০৬ চনত এই নাটখন তেওঁ লেখাৰ সম্ভৱ, কিয়নো ১৬০৬ চনৰ ডিচেম্বৰৰ ২৬ তাৰিখৰ দিনা ৰজাৰ আগত এই নাটখনৰ ভাৱনা হৈছিল। ১৬০৭ চনৰ ২৬ নভেম্বৰত “ষ্টেশ্যনাৰ অফিচত" “ৰেজিষ্টাৰ” বহিত এই কিতাপ খন তালিকাভুক্ত কৰা হয়, তেতিয়া শ্যেক্সপিয়েৰৰ বয়স ৪২।৪৩ বছৰ। এই কিতাপখনি লেখোতে শ্যেক্সপিয়েৰৰ হাত ভালকৈ পকিছে।

 “তোমাৰ যি ভাল লাগে”(As you like it)-১৫৯৯ চনত লেখা হৈছিল। ১৫৯o চনত ওলোৱা “ৰোজোলিণ্ড্” বুলি কিতাপৰ ছায়া অৱলম্বন কৰি তেওঁ এই কিতাপখনি ৰচিছিল। এই নাটত যি “ফৰেষ্ট অব্ আৰ্ডেণ”ৰ কথাৰ উল্লেখ আছে— যাক মই “আৰ্ডেণাৰণ্য” বুলি অনুবাদ কৰিছো সেই ঠাই ষ্ট্ৰেটফৰ্ডৰ পৰা বেছি দূৰ নহয়। ষ্ট্ৰেটফৰ্ডৰ ওচৰত “ফৰেষ্ট অব্ আৰ্ডেণ” বুলি যি ঠাই আছে তেওঁ সেই ঠাইৰে উল্লেখ কৰিছে চাগৈ।

 “ভেৰোণাৰ দুজন ভাল মানুহ" (Two Gentlemen of Verona)⸺১৫৯৫ চনত লেখা হৈছিল বুলি আন্দাজ কৰা হয়।

 “দন্দুৰী দমন" ( Taming of the Shrew) ১৫৯৩ চন। এইখন তেওঁৰ অষ্টম নাটক।