পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাৰে— কিন্তু ইংৰাজী ভাষা পঢ়িবলৈ আৰু ভালকৈ জানিবলৈ হ'লে বাইবেলৰ বচনবোৰেৰে সৈতে আমাৰ সুন্দৰৰূপে চিনাকী থকা উচিত। শ্যেক্সপীয়েৰৰ গ্ৰন্থবোৰৰো সৈতে সেইৰূপে চিনাকী থকা উচিত।

 ‘ভেনিচৰ সাওদ’ৰ পাতনিত শ্যেক্সপীয়েৰৰ জীৱনীৰ চমুকৈ আলোচনা কৰিছোঁ। তেওঁক আমেৰিকাবাসীসকলে ইমান শ্ৰদ্ধাৰ চকুৰে দেখে যে সেই দেশৰ কোনো কোনো মানুহে তেওঁৰ জন্মগৃহটী তুলি আমেৰিকালৈ লৈ যাব খুজিছিল কিন্তু ইয়াত ইংলণ্ডবাসী সকলে আপত্তি কৰাত তেওঁলোকে সেই ঘৰ লৈ যাব নোৱাৰিলে। এভন্ নৈৰ দাঁতিৰ ষ্ট্ৰেটফৰ্ড নগৰত সেই ঘৰ এতিয়াও বৰ্ত্তমান।

 এই কিতাপত যি পাঁচ খন নাটকৰ বিষয় আছে সকলোটি তেওঁৰ এটা পাছে এটা লেখা নহয়। ভবিষ্যতে যদি সময় পাওঁ তেনেহলে এখনৰ পাছত এখন লেখা সময়ৰ অনুসাৰে এই জগৎ কবিজনাৰ সকলোখিনি কিতাপৰ পূৰ্ণ ভাঙ্গনি আসমীৰ ৰাইজৰ আগত উলিয়াবৰ আশা ৰাখিলো। এই আশা কিমান ফলবতী হয় ভবিষ্যতেহে কব পাৰিব।

 আমাৰ দেশৰ আধুনিক সাহিত্য এতিয়াও টনকিয়াল নহয়। সেই গুণে সাহিত্যসেৱীসকলে কিতাপ দেখি বাকছত সুমুৱা ই থৈ দিয়া উচিত নহয়। মই এনে বহুতো লেখকক জানো যি সকলে আৰ্থিক অভাবৰ নিমিত্তে কিতাপ লেখি ছপাব নোৱাৰে। এনেবোৰ কিতাপ-লেখকৰ নিমিত্তে এটি ধনৰ ভঁৰাল হোৱা উচিত। সেই ধনৰ ভঁৰাল কেইজনমান উদ্যোগী মানুহৰ তত্ত্বাৱ- ধানত ৰাখি সেই টকাৰে বছৰে বছৰে দুখন হওক এখন হওক কৃতী অথচ অৰ্থহীন মানুহৰ ভাল ভাল কিতাপ ছপোৱা উচিত।