পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)
পঞ্চৰত্ন।

নহল।

 আমাৰো এতিয়া কাপোৰ কাণি কলা হ'ল।


 

দন্দুৰী দমন।

দি টেমিং অব্ দি শ্ৰ্যূ।

 ইটালিত পাডুৱা নামে এখন ঠাই আছে। সেই ঠাইৰে বেপ্‌টিষ্টা নামে এজন ধনী মানুহৰ কেথেৰিণা নামৰ এজনী ছোৱালী আছিল। সেই ছোৱালীজনীৰ দন্দুৰী বুলি এনে নাম ওলাইছিল যে তাইৰ নিমিত্তে দৰা বিচাৰি পোৱা টান হ'ল। জানি শুনিনো কোনে দন্দুৰী এজনীক বিয়া কৰাবলৈ যাব? যি বিয়া কৰাব তাৰতো আৰু এই জীৱনত শান্তি নহব। তাইৰ বাপেক ধনী। আটায়ে কিন্তু জানিছিল যে বুঢ়াৰ সকলো সম্পত্তিকে কেথেৰিণাই পাব। কিন্তু কৈছো নহয়, জানি শুনি দিনে দুপৰে নো কোনে এনেকুৱা এজনীক জীৱনৰ চিৰ সঙ্গিনী কৰিব?

 আমি কিন্তু ঘুনুক-ঘানাক শুনিছোঁ যে তাইৰ স্বভাৱ গুৰিতে বেয়া নাছিল দেই⸻বাপেক মাকৰ অতি মাত্ৰাত মৰম পোৱাৰ নিমিত্তেহে, তাই এনে হৈছিল।

 সি বাৰু যি হওক। কেথেৰিণাৰ এজনী ভনীয়েক অছিল—নাম বিয়ানকা। বিয়ানকাৰ স্বভাৱ যেনে মিঠা দেখিবলৈকো তাই তেনে শুৱনী। বিয়ানকাক বিয়া