পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 "ভূতৰ ধেমালি" (Comedy of Errors) ১৫৯৩ চন। এইখন তেওঁৰ ষষ্ঠ নাটক। এই খিনিৰ সময়ত ভাৱনাঘৰ “প্লেগৰ” নিমিত্তে কেমাহ মান বন্ধ থাকে শ্যেক্সপিয়েৰৰ জন্ম ১৫৬৪ চনত- মৃত্যু ১৬১৬ চনত।

 ইয়াৰ দ্বাৰাই দেখা যায় মই ধাৰাবাহিক ৰূপে শ্যেক্সপিয়েৰে লেখা সময় অনুসৰি এই কিতাপখনত এই নাট বোৰৰ ঠাই দিয়া নাই।

 শ্যেক্সপিয়েৰ তেওঁৰ ২৮ বছৰ বয়সত লেখকস্বৰূপে সাধাৰণৰ আগত ওলায়। তেওঁৰ প্ৰথম নাটক "ষষ্ঠ হেনৰী। " ইয়াত ইয়ৰ্ক আৰু লেঙ্কেষ্টাৰ ফৈদৰ যুদ্ধৰ কাহিনী আছে। ১৫৯১/৯২ চনত তেওঁ এই কিতাপ লেখে। এই খিনি সময়ত ইংলণ্ডত প্লেগ্‌মহামাৰী আৰু “বায়ট”ও হৈছিল। থিয়েটাৰ ঘৰ বন্ধ হোৱাত শ্যেক্সপিয়েৰ নিশ্চয়ে ক্ষতিগ্ৰস্ত হৈছিল। ৰবাৰ্ট গ্ৰীণ্, নামে তেতিয়াৰ এজন নামী লেখকে "ষষ্ঠ হেনৰী। " দেখি ইতিকিং কৰি হাঁহিছিল। তেতিয়া হাঁহিছিল। পাছত এতিয়া? শ্যেক্সপিয়েৰৰ নাম জগদ্বিখ্যাত, সকলো সময়লৈকে তেওঁ জগদ্বিখ্যাত থাকিব আৰু ৰবাৰ্ট গ্ৰীণ? তেওঁক কেই জনে জানে? ইংৰাজীত এটা ৰচনা আছে নহয়-"he laughs best who laughs last.” আমাৰ ইতিকিং কৰা অভ্যাস মুঠেই ভাল নহয়। সকলোৰে ই পৰিত্যজ্য।

 এই এপ্ৰিল মাহৰ ২৪ তাৰিখে এই কেফাঁকি কথা লেখি নিজক আপ্যায়িত কৰিলো—কিয়নো শ্যেক্সপিয়েৰৰ জন্ম আৰু মৃত্যু এই মাহতে।

শ্ৰী জ্ঞানদাভিৰাম বড়ুুুৱা  আৰ্ল ল কলেজ, গুৱাহাটী।
 ২৪|৪|১৯