পৃষ্ঠা:নগা কোঁৱৰ.djvu/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
[ ২য় অঙ্ক
নগা কোঁৱৰ

 খেন্​লুং—নেলাগে স্বৰ্গদেও। বন্দীৰ তলত পাঁচজনা ডাঙৰীয়াৰ সৈন্যবলেই যথেষ্ট হব। যদি স্বৰ্গদেওৰ হকে স্বদেশৰ হকে এই বুঢ়া দেহ ৰণত পৰে সি বৰ গৌৰবৰ কথা।
 চুহু—তেন্তে চুক্লেন, চুৰেং, লগত যাওক। আপোনাৰো সহায় হব ৰণনীতিও সিহঁতে কিছু কিছু শিকিব।
 খেন্​লুং—নেলাগে স্বৰ্গদেও। প্ৰয়োজন হলে পিছত যাব। তেন্তে বিদায় দিয়ক বন্দীক স্বৰ্গদেও। বিদায়, ডাঙৰীয়া সকল!
 বৰবৰুৱা—এতিয়া সেৱাহে স্বৰ্গদেও। আহিলোঁ ডাঙৰীয়া সকল।
[ বুঢ়াগোহাই, বৰবৰুৱা, হিলৈবৰুৱা আৰু নাওবৈছা ফুকনৰ প্ৰস্থান ]
 চুহু—তেন্তে আজিলৈ আমিও ঘৰঘৰি যাওহঁক।
[ সকলোৰে প্ৰস্থান ]

—পট পৰে—


পঞ্চম দৃশ্য

[ নগা পৰ্ব্বতৰ নামনি। খুণবাওৰ ঘৰ ]
[ লুকুয়ে এটা শিলত বহি কোছত ফুললৈ মালা গাঁথি থাকে আৰু খুণবাৱে বেতসূত চাঁচি থাকে ]

 খুণবাও—অঃ কিমান দিন তাৰ দেকি পুৱা নাই। এই দিন কলেকৈ আৰু নায়িলে। অঃ তাৰ নু আয়িব না? ৰজা লুৰা তাৰ কিয়ানি আমাৰ পালে পাঅৰি কলে। অঃ