পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২য় দৃশ্য ]
১৭৯
নগা কোঁৱৰ
[আকৌ অলপ ৰয়]

 মুহিলা— দে মুহিলা— মোৰ কঙ্কণ দে— হাৰ দে! গলপতা দে! খাৰু দে! কেৰু দে! মণি দে!

[ চিঙি পেলোৱা খাৰু মণি আকৌ বুটলি পিন্ধে ]

 মোক সেন্দুৰ দে! জেতুকা দে! মই স্বামীৰ কাষলৈ যাম! মাতি আন আয়তীহঁতক—!

 [ দুলৰি, সৰাইত মাহ হালধি সেন্দুৰ ইত্যাদি লৈ আয়তী বিলাকৰ প্ৰবেশ ]

 আহিছা! উৰুলী দিয়া! মোক সজাই দিয়া।

[ মুহিলা—আৰু আয়তীহঁতে মূলাক সজাই উৰুলী দিয়ে ]

 এতিয়া হেংদান—! মোৰ হেংদান আন! ঢাল আন! বৰ্ষা আন!

[ মূহিলাই হেংদান ঢাল বৰ্ষা-আনি দিয়ে ]

 বিদায় স্বৰ্গদেও! বিদায়! আহাঁ আই! আহা বাই আহা ভনীহঁত! এইবাৰ আমাৰ পাল! দেখক জগতে--- বুজক পাঠানে নাৰীৰ কিমান শক্তি! এবাৰ বোলা ভনীহঁত--- বোলা---সকলোৱে—জয় আহোমৰ জয়!

 সকলোৱে—জয় আহোমৰ জয়!

 [মূলা আৰু আয়তীহঁতে উলী দিয়ে আৰু তাৰ পিছত গীত গায়]

গা তুলিবৰে হ’ল অ আয়তী গা তুলিবৰে হ’ল ঐ
 গা তুলিবৰে হ'ল!
ভটিয়া পানীতে নাও মেলিছিলোঁ।
 নাও ভাগি চিগি গ'ল!