পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সকলক মাহে মাহে চাউল পাত যোগাবলৈ মানুহ নিযুক্ত কৰিলে। ৰণুৱা সকলৰ ঘৰতো খেতি বাতি চলাবলৈ গাৱঁৰ আন আন মানুহক নিযুক্ত কৰিলে। গাৱেঁ গাৱেঁ যাতে কামৰূপীয়া প্ৰজাই এখন্তকো বহি নাথাকি খেতি বাতি ভালকৈ কৰে তাৰো দিহা মেলা লগালে। ঠায়ে ঠায়ে আখৰা পতাই সেই আখৰা বিলাকত কামৰূপীয়া। সকলো জাতৰে ডেকা সকলক যুদ্ধবিদ্যা শিকোৱাৰ বন্দবস্ত কৰিলে। কামৰূপীয়া সকলে বঢ়িয়াকৈ জানিছিল যে বৰফুকনে যেনেহলেও সি বছৰৰ খৰালিত আকৌ ৰণ লগাব।
 বদন বনফুকনৰ দূত চিঠি লৈ গৈ বুঢ়া গোহাঁইৰ ওচৰ পালে। সেই সময়ত পূৰ্ণানন্দ বুঢ়া গোহাঁয়ে পিতৃ বুঢ়া গোহঁয়ে সৈতে লগলাগি মোৱামৰীয়া দমন কৰি পিতৃ বিয়োগ হোৱাত বুঢ়া গোহাঁইৰ পদত বহিছিল মাথোঁঁন। মোৱামৰীয়া বিদ্ৰোহতে বুঢ়া গোঁহাইৰ শক্তি ক্ষয় হৈ আহিল। আহোমৰ কাঁড়ী ৰণুৱা সকলো জেৰবাৰ হৈ আছিল। এই বিলাক কাৰণত বুঢ়া গোঁহায়ে বনুৱা পঠাব নোৱাৰি চিঠিৰে বদন বৰফুকনৰ আদেশ কৰিছিল যে তেওঁ দক্ষিণ পাৰৰ ৰাণী, লুকী, ছয়গাওঁ, পানতান, বেলতলা ডুমুৰীয়া এই ৰজা সকলৰ পৰা গাৰো, কোচ, মিকিৰ ইত্যাদি বনুৱা লৈ যিমান শীঘ্ৰে পাৰে বিদ্ৰোহটো, দমন কৰক। তেওঁ এই ৰজা সকলোলৈকে দূতৰ হাততে