পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঊনবিংশ অধ্যায়
বৰফুকন

 বদন বৰফুকনে সপোনতো ভবা নাছিল যে কামৰূপীয়া ঢেকেৰীৰ হাতত তেওঁৰ সুশিক্ষিত আহোমৰ ৰণুৱা ঘাটিব এতিয়া আমিন গাৱত, ছিলাৰ চকিত, দীৰ্ঘশ্বৰী পাহাড়ৰ দাতিত তেওঁৰ প্ৰায় তিনিশ ৰণুৱা হত হোৱা শুনি লাজতে খঙতে বিমোৰহৈ উজনিৰ বুঢ়া গোহাঁইলৈ কামৰূপীয়া বিদ্ৰোহৰ কথা জনাই সৈন্য সামন্ত খুজি পঠালে। ইফালে ছয়গাওঁ পানতান, ৰাণী, লুকী, বেলতলা, ডুমৰীয়া, ইত্যাদি ৰজা সকলোলৈকো সহায় খুজি কটকি পঠালে। এইৰণ হৈ যোৱাৰ পিছত লাহে লাহে পচোৱা বতাহ বলে। ব্ৰহ্মপুত্ৰত বৰ ঢৌ হব ধৰিলে। তাৰ পিছত লাহে লাহে বাৰিষা আহিল। ইফালে বুঢ়া গোহাঁইৰ পৰাও চিঠিৰ উত্তৰ অহোতে পলম হল। দক্ষিণপাৰৰ ৰজা সকলৰ পৰাও শীঘ্ৰে সৈন্য সামন্ত সংগ্ৰহ কৰিব নোৱাৰিলে; ইত্যাদি কাৰণে বৰফুকনে এই শকত আকৌ কামৰূপীয়াৰ বিৰূদ্ধে যুদ্ধ যাত্ৰা স্থগিত ৰাখিলে।
 ইফালে কামৰূপীয়া সকলেও উত্তৰ গুৱাহাটী, আমিন গাওঁ, ৰজাদুৱাৰ এই তিনিও ঠাইতে আনি থোৱা ৰণুৱা