পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহ! তদুপৰি আমাক দৰঙ্গৰ ৰজা কৃষ্ণনাৰায়ণেও সহায় কৰিব। বাস্কাৰ চৌধাৰী সকলে আমাক কছাৰী ৰণুৱা দিব। আমি কাইথ কলিতা আগৰ ক্ষত্ৰিয় নহওঁনে? আমি ইমান কাপুৰুষ হলো নে যে আহোমৰ ভয়ত কুচি মুচি থাকিম। ভাবি চাওকচোন, অন্যায়ৰূপে হাতীৰ চতকাত মৰা এই অন্যায়ৰ প্ৰতিশোধ লবলৈ আমাক ৰাইজেও কোৱা নাইনে? সেই দেখি আমাৰ ভয় কৰাৰ কোনো কাৰণ নাই। আপোনাসকলে মোক মাথোঁন বছৰি কেতখিনি মানুহ আৰু ৰণুৱাহতৰ নিমিত্তে খোৱা লোৱা বস্তু কাপোৰ কানিৰ যোগাৰ দিয়ক; দেখিব, মই বীৰদত্তে সেই ৰণুৱা লই আপোনাসকলৰ সহায় আৰু আজ্ঞা অনুসৰি বাৰ বছৰলৈকে আহোমে সৈতে লেলপেল যুদ্ধ কৰি আহোমক খেদিম। আহোমে দেখিব— কামৰূপীয়াৰ গাত তেজ শক্তি বল আছেনে নাই। আহোমে দেখিব বীৰদত্তৰ তৰোৱালৰ কোব কিমান চোকা- বীৰদত্তৰ এই তীব্ৰ তেজাল বাক্যত সকলোৱে ধইন ধইন কৰি কলে:—“আমি আৰু আহোমক নামানো। কৰকাটল নিদিওঁ। আমি হৰদত-বীৰদতক মানুহ কানিকাপোৰ, খোৱা বস্তু বছৰি দিম। আমি আজিয়েই বীৰদত বাপাক আমাৰ সেনাপতি পাতিলো। আমি সকলোৱে আজিৰে পৰা হৰদত চৌধাৰীক বৰুৱা খিতাপ দিলোঁ। কমাৰকুচীয়া বৰুৱাকে আমি এজন সেনাপতি পাতিলো। যুঁজ চলাবলৈ সমস্ত ভাৰ হামি হৰদত্ত বৰুৱাক দিল—