পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অবিশ্বাসী হলো যে আন কি নিশা আমি গুৱাহাটীত থাকিব নোৱাৰোঁ, চাৰি চকিব বাজ হৈহে থাকিব লাগে! বাপসকল! ৰাইজ সকল! ইয়াতকৈ আৰু আমাক অপমান লাগে নে? এই বিলাক কৰিও হেঁপাহ নপলাল। এইবাৰ ৰং চাবলৈ আমাক মাতি নি আমাৰ নিৰাপৰাধী লৰা-ছোৱালী কেতবিলাকক পুতেক দুটাৰ হতুয়াই হাতী মেলাই গছকাই মাৰিলে। বিচাৰ প্ৰাৰ্থনা কৰাত উলটি ঢেকেৰী সম্বোধন আৰু নানা গালি গালাজ হে কৰিলে। হায়! আমাৰ কামৰূপীয়াৰ এনেকুৱাহে কপাল নে? ৰজা আৰু মন্ত্ৰীৰ ওচৰলৈ বিচাৰ প্ৰাৰ্থনা কৰি পঠালো—তাতো আমাৰ নিষ্ফল হল। মোৰ বিবেচনাৰে হলে এই অন্যায়ৰ বিচাৰ আমাৰ নিজৰ হাতত লোৱাই ভাল; মোৰ বিবেচনাৰে হলে আহোমৰ দিন উকলিল। এওঁলোকৰ ৰাজা আৰু নাথাকে। এওঁলোকৰ ভিতৰ ফোফোলা হৈছে। এতিয়া আমাৰ কি কৰা উচিত, আপোনালোকেই থিৰ কৰক”। তেওঁৰ এই কথাত কমাৰ কুচীয়া বৰুৱাই উঠি কলে :—
 “বাপসকল ৰাইজসকল! আমাৰ হৰদত্ত চৌধাৰীয়ে যি কলে তাক আপোনাসকলে শুনিলে। আমাৰ কামৰূপীয়াৰ গাত এনেকুৱা তেজ নোহোৱা হল নে যে আমি এইদৰে স্ত্ৰী-বধ, শিশুবধৰো কোনো প্ৰতিকাৰ নকৰি মনে মনে বহি থাকিব লগীয়াত পৰিলো। দুখৰ বিষয়! যি