পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে


প্ৰথম অধ্যায়
বুৰঞ্জী


 ১৭১০ শক—খৃষ্টীয় ১৭৮৮ চন। অসমৰ ৰাজসিংহাসনত ৺গৌৰীনাথ সিংহ ৰজা। বুঢ়াগোঁহাই মহামতি ৺ঘনশ্যাম। বৰবৰুৱা বা চকটীয়া লাহন। বৰগোঁহাই গঙ্গাৰাম। বৰপাত্ৰ গোঁহাই অনি। গুৱাহাটীৰ বৰফুকন বদনচন্দ্ৰ। কামৰূপৰ চাঁদকুচিত বুজৰ বৰুৱা বক্তমল, বৰনগৰত বুজৰ বৰুৱা চণ্ডী। এই উপন্যাসৰ প্ৰধান পুৰুষ হৰদত্ত জিকেৰিৰ চৌধাৰী। বীৰদত্ত তেওঁৰ একমাত্ৰ সহোদৰ। উত্তৰ কামৰূপত এই কেইজন বিষয়াত বাজেও কমাৰকুচীয়া, চমাৰকুচীয়া, বতাহগিলীয়া, নামবৰভগীয়া, বাঁহঝনীয়া, বৰিগোগীয়া, পাণ্ডুৰীয়া, বজলীয়া, ক্ষেত্ৰীয়া, ভৱানীপুৰীয়া, সৰ্থেবাৰীয়া, চেঙ্গৈয়া ইত্যাদি কেৱে বৰুৱা কেৱে চৌধাৰী আছিল। দক্ষিণ কামৰূপত বেলতলীয়া, ৰাণীয়া, ছয়গঞা, বগাইয়া, লুকীয়া, পানতনীয়া, ডুমৰীয়া, ইত্যাদি ৰজা আছিল।