পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিব ধৰিলে। আইদেৱে সৰু লোটা এটাত সেই পানী লই ইজুপি সিজুপিকৈ ফুল বিলাকত দিব ধৰিলে। পানী দিয়াৰ লগে লগে গুণকৈ গালে :—

সইতে কৃষ্ণদেৱ গোপিনীক নেৰিবা।

অক্ৰুৰে লৈয়া গল ৰথতে তুলি
গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি।
সইতে কৃষ্ণদেৱ ...
কৃষ্ণদেৱ অক্ৰুৰৰ লগে গল চলি

গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি।

       জক্‌মক্‌ কৰি ফুলি থকা, গোন্ধে আমোল-মোল ফুলৰ মাজত্ব, পূৰ্ণিমাৰ জোনৰ পোহৰত এইদৰে আইদেৱে পানী দি ফুৰিছে। স্বৰ্গৰ পৰা নামি অহা দেৱবালাৰ দৰে গুণগুণকৈ গীত গাই ফুৰিছে। ফুলনীৰ আন এপাৰে এজন ওঠৰ বছৰীয়া ডেকাই ভাটিবেলাৰে পৰা বৰশীত মাছ ধৰিছিল; কিন্তু এতিয়া গধূলি হলত বৰশী সামৰি পুখুৰীৰ পাৰত বহি অলপ জুৰ বতাহ লইছিল। মাজে মাজে ওপৰৰ নিৰ্ম্মল আকাশখানলৈ আৰু জোনবাইটিলৈ চাই তেৱোঁ গুণ গুণ কৰি গাইছিল :

শুনি ফুলনিত        ফুলি আছে ফুল

গোন্ধতে মল মলাই।
ফুলি আছে জাতি        টগৰ মালতী
আৰু যে খৰিকাজাঁই।