এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আগত দৈবজ্ঞ দুজনে কোৱা কথা কলে। বামাচাৰীয়ে কলে :– মই আগেয়ে কইছোঁ তোৰ কপাল বৰ বলী। পুৰঃসৰণটো কৰি ললে তই দুৰ্জ্জয় হবি। এটা বৰফুকন নালাগে দহোটা বৰফুকনেও তোৰ একো কৰিব নোৱাৰিব।”
________
এইদৰে কথা বতৰা হোৱাৰ পিছ দিনা বামাচাৰী তান্ত্ৰিক জনক লগত লই হৰদত্ত চৌধাৰী মদন কামদেব দেৱালয়লৈ গ’ল। মদন কামদেবত চৌধাৰীয়ে কি কৰিলে সেই বিষয় পিছত পাব। সদ্যহতে আমি এবাৰ চৌধাৰীৰ ভিতৰ ফুলনিত আজি গধূলি কি হৈছে তাক চাওঁগৈ!
- পূব আকাশত পূৰ্ণিমাৰ জোনটি ফট ফটীয়াকৈ উঠি গধূলিটোক পুলকিত কৰিছে। এই গধূলিতে হৰদত্ত চৌধাৰীৰ জীয়েক অনুপম ৰূপ-লাৱন্যৱতী পদকুমাৰী আইদেৱে লগত হাত ধৰা লিগিৰী এজনাকলই পাছ ফালৰ পুখুৰীলৈ আহিল।
- বেটীজনীয়ে ভাঙ্গৰ কলহ এটাত পুখুৰীৰ পানী আনি