পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰ্ত্তাল কৰি ফুৰোঁতে পূবপাৰ মৌজাৰ পুঠীমাৰি নামেৰে নৈৰ পাৰত, বৰ্ত্তমান বাইহাটা ৰেল ষ্টেষনৰ উত্তৰে প্ৰায় ছমাইল আঁতৰত, ৰঙ্গিয়া আৰু পূবপাৰ মৌজাৰ সীমাত এডোখৰ বৰ মনোৰম ঠাই পাই তাতে দুপৰীয়া অলপ পৰ জিৰাইছিলোঁ।
 ঠাই ডোখৰ নৈৰ দাতিৰ পৰা প্ৰায় পঞ্চাচ টাৰ বহল আধামাইল দীঘল। ই, এখন মুকলি পথাৰ। এই পথাৰৰ পশ্চিমে প্ৰায় ইমান আয়তনৰে আৰু এডোখৰ ঠাই আছিল। ইয়াত মাজে মাজে দুই এডাল শিমলু গছ আৰু তল উলুৱনি হাবিৰে ভৰা আছিল। ইয়াৰ পশ্চিমে এখন ঝাৰণি হাবি।
 ফাগুন মাহ। সুন্দৰ ফট্‌ফটীয়া পানিৰে পুঠীমাৰি নৈ বৈছিল। দুপৰীয়া আকাশো নিৰ্ম্মল আছিল। সিফালে দুৰত হিমালয়ৰ ভুটিয়া পাহাড় শ্ৰেণীও দেখা গৈছিল। মনত কি যে এটা নিস্তদ্ধতা আৰু অনুপম সৌন্দৰ্য্যৰ ভাব খেলাইছিল তাক কই এটাব নোৱাৰোঁ। কলেজত থাকোঁতে চাৰ ওয়ালটাৰ স্কটৰ নভেল শ্ৰেণী, ৺বঙ্কিম চাটুৰ্ষিৰ উপন্যাস শ্ৰেণী পঢ়িছিলো। এই ঠাইৰ, সিফালে পাহাড় দেখি আৰু আৰু আমাৰ অসমৰ সকলো ঠাইতে নদী নলা, নিঝৰা, বিল, পুখুৰী পাহাড় ঝাৰণি এই বিলা কলৈ মনত পৰি চাৰ ওয়াল্‌টাৰ স্কটৰ সেই High Land, (ওখ ঠাই, ) Lowland (নামনি ঠাই) ইত্যাদি