পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘৰ। হৰদত্তৰ শোৱনি ঘৰৰ দক্ষিণে বৰ দীঘল এটা গোহালি ঘৰ আৰু গোসাই-ঘৰৰ পোনে পোনে দীঘলকৈ সাত ঘৰ বেটী বান্দী থকা ঘৰবিলাক। গোহালি ঘৰলৈ বাহিৰৰ ফালৰ পৰাও যাব পাৰি আৰু ভিতৰৰ পৰাও যাব পাৰি। ৰান্ধনি ঘৰৰ পচিমে বৰ ডাঙ্গৰ তামোল পাণৰ বাৰী। সেই বাৰীৰ মাজেদি এটা বহল বাট। এই বাটেদি অলপ গ’লেই ভিতৰ বাৰীত এটা ডাঙ্গৰ চাৰিচুকীয়া পুখুৰী। সেই পুখুৰীৰ পাৰবিলাকত নানা তৰহৰ সুগন্ধি ফুলৰ গছ। পুখুৰীটোত ৰাজহাঁহ পাতহাঁহ চৰে। ঘাটতো পকা-ইটাৰে বন্ধোৱা। পুখুৰীৰ পাৰত বহিবলৈ বৰ চিকুন দুৰ্ব্বা ঘাহঁ। ফুলনিৰ সুগন্ধে পুখুৰীৰ দৃশ্যে দৰাচলতে মন মোহিত কৰে। তেওঁৰ ওখ চাৰি ঢাপৰ বাহিৰে পূবে দক্ষিণে পশ্চিমে মুকলি পথাৰ। তাত তেওঁৰ বেটী বন্দীসকলে আহু, সৰিয়হ, মাহ, মুগ শাক পাচলি, ধপাত, কুঁহিয়াৰ ইত্যাদিৰ খেতি কৰিছিল। তেওঁৰ ঢাপৰ উত্তৰ ফালে আন আন গঞাঁ মানুহৰ বসতি আছিল। সেই সময়ত এই জিকেৰি গাওঁখান শস্যে, মৎস্যে অনুপম আছিল। তেওঁৰ ঢাপৰ বাহিৰে পশ্চিমে দ মাটি। তাত তেওঁ শালী খেতি কৰাইছিল।

————————