পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাঠক! কুমেদান চৰ্দ্দাৰ বৰফুকনৰ বেজ বৰুৱাৰ দ্বাৰাই চিকিৎসিত হৈ সৰ্ঠি সৰ্ঠি বাচিল। তেওঁ এমাহ মানৰ মুৰত ভাল হৈ বৰফুকনৰ পৰা প্ৰতিশ্ৰুত ৰূপ শ বটা লৈ তেওঁৰ শিখ সকলক বৰফুকনৰ চাকৰিতে এৰি ভটিয়াই গল। কেৱে কয়, পদ্মকুমাৰী আৰু বৰুৱাৰ মৃত্যুতে তেওঁৰ অনুতাপ উপস্থিত হৈ পাপৰ পৰাচিত কৰিবলৈ বীৰ বেশ ত্যাগ কৰি হেনো উদাসী হৈ তীৰ্থে তীৰ্থে ভ্ৰমি ফুৰিছিল। কেৱে কয়, তেওঁ পঞ্জাবলৈ গৈ তাতে ৰল গৈ আৰু উলটি নাহিল। কেৱে কয় তেওঁ হেনো তেওঁৰ ১৫০ শিখে সৈতে বৰফুকনৰ পৰা নিস্কৰকৈ মাটি বৃত্তি লৈ অসমীয়া ছোৱালী বিয়া কৰাই অসমতে ৰল। আমি হলে কোনটো সঠিক কব নোৱাৰো; কিন্তু কুমেদানৰ নামটো উমাদত কৰি এতিয়াও কামৰূপৰ ঠায়ে ঠায়ে ঢুলীয়াহঁতে কেতিয়াবা কেতিয়াবা ওপৰত দিয়া তিনটা গীতত বাজেও আন গীত গায়। পদ্মকুমাৰীৰ সম্পৰ্কেও মানুহে কয় যে কুমেদানে পদ্মকুমাৰীৰ ৰূপত মুগ্ধ হৈ তেওঁক অঙ্কলক্ষ্মী কৰিব খুজিহে ধৰিব গৈছিল। আৰু মহীৰামেও হেনো সেইটো ভাবকে মনত লৈহে কুমেদানে সৈতে যুঁজ কৰি প্ৰাণ হেৰুৱাইছিল। নহলে কিজানি মহীৰামৰ প্ৰাণ নগলহেতেন আৰু পদ্মকুমাৰীও ৰক্ষা পৰিল হেঁতেন। কিন্তু আমি উপন্যাস কাৰকে জানো, যে বীৰ কুমেদানে পদ্মকুমাৰীক সাক্ষাৎ দেবী ভগবতীৰ প্ৰতিমূৰ্ত্তি যেন দেখিহে তেওঁক মা বুলি মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ ধৰিব গৈছিল।