পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুমেদানৰ তৰোৱালৰ কোবত মহীৰাম আহত হৈ অৱশ হল। কুমেদানো মহীৰামৰ তৰোৱালৰ কোব এটা হাতত লাগি তৰোৱাল এৰি দি ধাচ কৰে পৰিল। কুমেদানৰ সোঁ হাত খান হাৰলৈকে কাটিলে। কিন্তু মহীৰামে কুমেদানৰ তৰোৱালৰ পৰা যি আঘাত পাইছিল সি সাঙ্ঘাতিক। এটা গলত, এটা কলিজাৰ ওপৰত। মহীৰাম মাটিত পৰি অৱশ হল। মহীৰামৰ মৃত্যু ওচৰ চাপিল। কাতৰ কণ্ঠে পদুমীলৈ চাই কলে—“পদুম মই আহিলো। জননী জন্মভূমি কামৰূপ! তোমাত বিদায় মাগিলো। হাঁ কামৰূপ সূৰ্য্য পিতৃ হৰদত্ত! তুমিও গ’লা। ” এই বুলি কৈয়েই মহীৰামে অনন্ত কাললৈ চকু মুদিলে।
 পদ্মকুমাৰীৰ সেই সময়ত সুন্দৰ জ্ঞান উপস্থিত হল। তেওঁ কলে—“মহীৰাম! তুমিও গ’লা। তোমাৰ অবিহনে পদ্ম ৰয় কেনেকৈ? বাৰু যোৱা এই বুলি কৈয়েই বৰফুকনৰ ফালে চাই কলে—“ঐ বৰফুকন! তহঁতৰ অত্যাচাৰতে মই আজি কামৰূপ এৰিলো, আন কি, মই অসম ৰজাকো এৰিলো। জাননে, আহোম ৰজাৰ বংশ আৰু কুৰি বছৰৰ মুৰতে ধ্বংস হব। আহোম ৰজাৰ নাম নুমাব। এই বুলি কৈয়েই পদ্মকুমাৰীয়ে সৰুকালৰ সেই অতি মৰমৰ গীতটো গালে “সইতে কৃষ্ণ দেৱ গোপিনীক নেৰিবা। ”
 তাৰ পিছতে কলে—“বাবা ব্ৰহ্মপুত্ৰ! তোৰ কোলাত মোক ঠাই দে। মাই ঔ! ৰবি, ময়ো যাব লাগিছো।