পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেই চুঙা পানী তেনেই খাই কলে:—“অ, চৰ্দাৰ! তুমি দিয়া পানী খাই মোৰ জাত নগল নে?
 কুমেদান। —কাঁহে তোৰ জাত যাব। তই কলিতা, মইভি আচল ছেত্ৰি।
 পদ্মকুমাৰী। তেন্তে চৰ্দ্দাৰ বলা। এই বুলি কৈয়ে পদ্মকুমাৰীয়ে চুলি-টুলি মেলি লৰ ধৰিলে। কুমেদানো পিছে পিছে লৰি গল। কিন্তু পদ্মকুমাৰীক কুমেদানে ধৰিব নোৱাৰিলে। পদ্মকুমাৰী উন্মত্তা। তেওঁৰ ভৰিত আৰু গাত এটা শক্তি প্ৰবেশ কৰিছে। আগে আগে লৰি লৰি পদ্মকুমাৰীয়ে চেচামুখৰ বাটেদি গৈ শগুণঠুটিৰ বালি পালে। কুমেদানো তেওঁৰ পিছে পিছে লৰি গৈ শগুণ- ঠুটিৰ বালিত ওলাল।


ঊনচল্লিশ অধ্যায়।

 আজি শগুণঠুটিৰ বালি লোকে লোকাৰণ্য। বৰফুকন তাত নিজেই উপস্থিত। হৰদত্তক আহোম সেনাই ধৰি বান্ধি আনি হাজিৰ কৰিছে।
 বৰফুকনে কলে:—“হেৰ হৰদত্ত! উইৰ দৰে মৰিবৰ কালত তোৰ পাখি গজিছিল। আজি সাত বছৰে তই ৰাজদ্ৰোহ কৰিলি!
 হৰদত্ত।—শুনা বৰফুকন! মই ৰাজাৰ দ্ৰোহ কৰা১৪