পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেৱতা স্বৰূপ আছিল আজি সেই হৰদত্ত অনেক কামৰূপীয়া প্ৰজা আৰু বিষয়াৰ মনত অত্যাচাৰী, দেশ দ্ৰোহী, নিজে গজি উঠা বুজৰ বৰুৱা। আজি সেই স্বদেশ বৎসল হৰদত্তৰ মূৰটোৰ ওপৰত তেওঁক ধৰি দিয়া জনৰ নিমিত্তে এশ ছিকা ৰূপৰ বটাৰ জাননী! যি হৰদত্তে ৰূপৰ বাসনতহে আহাৰ কৰিছিল আজি সেই হৰদত্তৰ আহাৰ বনৰীয়া কৌ পাতত। সেই আহাৰো আকৌ পূব কচাৰী মহলৰ কচাৰীহঁতৰ বস্তিৰ পৰা মনে মনে খুজি অনা ৰঙা আহু চাউল আৰু বনৰীয়া শাকৰ। তাকো আকৌ সদায় নিমিলা। যি হৰদতে দিনটোত তিন চাৰি সাজ চৰ্ব্ব চুষ্য লেহ্য-পেয় খাইছিল, সেই হৰদতে আজি কালি মাজে মাজে লঘোনেও থাকিব লগা হৈছিল। যি হৰদত্তৰ অসংখ্য ঘৰ দুৱাৰ মঠ মন্দিৰ আছিল আজি সেই হৰদত্তৰ কপালত জোৱাঁয়েক আৰু পদ্মকুমাৰীৰ হাতধৰী লিগিৰী জনীয়ে সজা পজা এডোখৰ। হায় গ্ৰহফল! হায় নিয়তিৰ চকৰি! হায় কৰ্ম্মফল! তোমালোকক বুজা টান। প্ৰভু ভগবন্ত! তোমাৰ মহিমা দুৰ্জ্ঞেয়।
 হৰদত্ত এইদৰে সন্ধাৰ ঝাৰৰ কাঠনি হাবিৰ মাজত ৰল। বেটীজনীয়ে আৰু মহীৰামে মাজে মাজে অতি সতৰ্কৰে ওলাই অচিনাকি বেশ লৈ স্বভাবৰ অজলা সেই পূব কচাৰি মহলৰ কছাৰি সকলৰ পৰা চাউল খুজি খুজি নিয়ে। বাঁহৰ চুঙাত, পদ্মকুমাৰী, বেটীজনী, বৰুৱানী সকলোৱে ওচৰৰ