পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুটি লৈ হৰদত্তৰ ঘৰ আৰু হাউলিবিলাকত জুই লগাই দিলে। হৰদত্তৰ বেটী বন্দী যি আছিল সেই সকলে আগেয়ে যেয়ে যিপিনে পালে সেই পিনে পলাইছিল। বৰফুকনে হৰদত্তক বিচাৰি ধৰিবলৈ এশ আহোম ৰণুৱা আৰু চোৰাং চোৱা আৰু কুমেদানে সৈতে দহজন শিখক এমাহলৈ উত্তৰ কামৰূপৰ ভিতৰত থাকিবলৈ হুকুম দি, আৰু যেয়ে হৰদত্তক ধৰি দিব পাৰে তাকে শিকা ৰূপ এশ দিম বুলি ঢোল পিটি শুনাই দি গুৱাহাটীলৈ উলটিল।


সাতত্ৰিংশ অধ্যায়।
নিয়তি চক্ৰ।

 যি হৰদত্ত বৰুৱাই উত্তৰ কামৰূপত বৰফুকনৰ শাসন উচ্ছেদ কৰি আজি সাত বছৰে নিজৰ হাউলিত বেটি-বন্দীয়ে পৰিবৃত হৈ উত্তৰ কামৰূপত ৰাজত্ব কৰিছিল, যি হৰদত্ত একালত কামৰূপীয়া প্ৰজাৰ ৰঞ্জিত বীৰ আছিল, নিয়তিৰ চকৰিত, গ্ৰহ বৈগুণ্যত সেই হৰদত আজি অটব্য অৰণ্য- বাসী! যি হৰদতে তাজি সাত বছৰে বৰফুকণক বাৰে বাৰে যুঁজত ঘটুৱাই কামৰূপীয়াৰ গৌৰৱ ৰক্ষা কৰি আছিল, সেই হৰদত্তই আজি বৰফুকনে দিয়া নাম মতে এজন সামান্য “বিদ্ৰোহী দন্দুৱা” অৰ্থাৎ বীৰ নহয়, এজন দন্দ কৰা ঢেকেৰী মাথোন। যি হৰদত এদিন কামৰূপীয়া প্ৰজাৰ মনত