পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওপৰত অত্যাচাৰ; আৰু ৰজা আৰু বুঢ়া গোহাঁই উভয়ে এইটোও জানিলে যে বদনৰ নিচিনা বৰফুকনে দ্ৰোহটো নিবাৰণ কৰিবলৈ অক্ষম। ইত্যাদি কাৰণে ৺কমলেশ্বৰ সিংহ স্বৰ্গদেৱে বদন বৰফুকনক উজনিলৈ মাতি পঠিয়ালে আৰু তেওঁৰ ঠাইত ৺কলীয়া ভোমোৰাক বৰফুকন পাতি তেওৰ লগত ইউৰোপীয় ধৰণে শিক্ষিত পাঁচ শ অহোম ৰণুৱা দি কামৰূপলৈ পঠিয়ালে। স্বৰ্গদেৱে ৺কলীয়া ভোমোৰা বৰফুকনক দঢ়াই কলে যে তেও গই অতি শীঘ্ৰে দ্ৰোহটো নিবাৰণ কৰিব লাগিব আৰু যদি যুঁজত নমৰি হৰিদত্ত বৰদত্ত ধৰা পৰে, তেন্তে সিহঁতক শূলত দিব। ৺কলীয়া ভোমোৰা বৰফুকনে ৰজাৰ এই আদেশ লই কামৰূপলৈ আহিল আৰু বহাগৰ মাহৰ ভিতৰতে গুৱাহাটী পাই ৺বদন ববফুকনৰ পৰা যিমান দূৰ পাৰিলে কামৰূপৰ ভিতৰুৱা অবস্থা সুধি-পুছি ললে।
 বুৰঞ্জীত আছে যে কলীয়া ভোমোৰা বৰবিচক্ষণ, ৰাজনীতিজ্ঞ আৰু তাৰ লগে লগে প্ৰায় লাচিত ফুকনৰে নিচিনা বাহুবলী বীৰ আছিল। প্ৰবাদ আছিল, যে তেওঁৰ গতি-বিধি এনেকুৱা আছিল যে তেওঁ কোন সময়ত কিদৰে কাম কৰে তাক কেৱে আগতে হঠাতে জানিব নোৱাৰিছিল। তেওঁ কামৰূপত ভৰি দিয়েই পোন প্ৰথমেই চোৰাংচোৱা লগাই হৰদত্ত বীৰদত্তৰ গতি-বিধি লক্ষ্য কৰিবলৈ ধৰিলে। ঠায়ে ঠায়ে কামৰূপীয়া দুই একজন বৰুৱা চৌধাৰী আৰু