লিৰ ৰণটো কৰি লওঁ। বাৰু, তাৰ পিছত যি হয় কৰা যাব। ” হৰদত্তে ঘৈণীয়েকক এদিন কলে:— “মাইছানাৰ মাক! আমি মাইছানা আৰু জোঁৱাই উভয়কে ধনৰালৈ পঠিয়াই দি ৰণ-বিগ্ৰহ এৰি তীৰ্থলৈকে যাওঁ বলা। ” ঘৈণীয়েকে কলে:—“আপুনি কি কথা কয়? মই প্ৰাণটো গলেও জী জোয়াইক ধনৰালৈ পঠিয়াব নোৱাৰোঁ। মোৰ অঙ্গীকাৰ এৰিব নোৱাৰোঁ। ঘৈণীয়েকৰ পৰাও এনেকুৱা সমিধান পাই তেওঁ মনে মনে ৰল। যুঁজৰ ভাব বীৰদত্ত, সংসাৰৰ ভাৰ ঘৈণীয়েকত অৰ্পি তেওঁ দিবা ৰাত্ৰি দুৰ্গা নাম জপিব ধৰিলে।
ইফালে এই ১৭৯৫ শকৰ আৰম্ভতে আমাৰ ৰজা ৺গৌৰীনাথ সিংহ স্বৰ্গী হল। অসমৰ ৰাজ পাটত কমলেশ্বৰ সিংহ ৰজা হল। বুঢ়া গোহাঁই ৺ঘনশ্যাম পৰলোক হোৱাত তেওঁৰ পুত্ৰ মহামতি ৺পূৰ্ণানন্দ বুঢ়া গোহাঁই হল। ৺কমলেশ্বৰ সিংহে ৰাজপাটত উঠি ৺পূৰ্ণানন্দ বুঢ়া গোহাঁয়ে সৈতে আলচ যুক্তি কৰি বেছকৈ জানিলে যে ভাটীৰ দন্দুৱা দ্ৰোহটোৰ গুৰিত বদনচন্দ্ৰ বৰফুকনৰ কামৰূপীয়া প্ৰজাৰ