পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিদিয়ে। হৰদত্তে “বাৰু! তেতিয়া যি হয় কৰিবা; এতিয়া মহীৰামক যাবলৈ দিয়া” এই কথা কোৱাত বৰুৱাণীয়ে মহীৰামক ওচৰলৈ মাতি নি কলে :—“বাপা মহীৰাম। মোৰ প্ৰাণৰ পুতলা এই একেজনী মোৰ জীয়াৰি, তাকে তালৈ বিবাহ দিম; কিন্তু বাপা তই মোক শপত কাঢ়ি কব লাগে যে বিয়া কৰাই উঠি তই সদায় আমাৰ লগতে থাকিবি আমাৰ ঘৰ দুৱাৰেই তোৰ ঘৰ দুৱাৰ হব। আমাৰ অভাল ভালে তয়ে আমাৰ পিণ্ড দিবি। ইয়াকে যদি তই কৰিম বুলি কওৱ, তেন্তে তই সদ্যহতে ধনৰালৈ যা। তাৰে পৰা আহি বিয়া কৰাবি; কিন্তু বিয়া কৰায়ে আমাৰ ঘৰতে ৰই যাব লাগিব। ছোৱালীক ঘৰ গছকাবলৈ বুলি হলে নিব নোৱাৰ”। বৰুৱাণীৰ এই কথাত মহীৰামে সেৱা কৰি কলে :— আই! আপুনিয়েই এই হতভগীয়াক সৰুৰে পৰা খুৱাই-ধুৱাই ডাঙ্গৰ কৰিছে আৰু, এতিয়াই মই যাক ভাল পাওঁ, তেওঁক দেউতাই সৈতে মোৰ হঁকে, হাই কাজীয়া কৰিও মোকে দিব খুজিছে; এনেস্থলত মই আপোনাৰ কথাৰ বিৰুদ্ধ কাম ইটো জনমত নকৰোঁ বুলি শপত কৰিলোঁ —আপুনি যিহকে ভাল পায় তাকে কৰিম”। মহীৰামৰ এই কৃপাত বৰুৱাণীয়ে মহীৰামৰ মূৰত ধৰি আশীৰ্ব্বাদ কৰি শিৰ চুম্বন কৰি বিদায় দিলে। মহীৰামে বৰ বাপেকৰ লগত ধনৰালৈ গল। তাত লঘোন ভোক খাটি