দক্ষিণে চাৰিউফালে গিৰ্ গিৰ্ কৰি বন্দুক মাৰি ধৰিলে।
সেই বন্দুকৰ প্ৰত্যেকটো গুলিতেই একোটা একোটা
মোৱামৰীৱা ধাচ্ ধাচ্ কৈ পৰিব ধৰিলে। গুলিৰ কোবত
মোৱামৰীয়া আগবাঢ়িব নোৱাৰি আৰু নিজৰ মানুহ দুই
তিনি মিনিটে মিনিটে শই শই মৰা দেখি “আই ঐ! এই
বিলাক টুনি নহয় ইন্দ্ৰৰ বজ্ৰহে ফিৰিঙ্গতি বুলি যেয়ে
যি পিনে পালে পলাব ধৰিলে। চিপাহিহঁতে সঙ্গিন লগাই
পিছে পিছে খেদি নিও কিছু মানক খুচি খুচি মাৰিলে।
মোৱামৰীয়া সম্পূৰ্ণে পৰাজিত হল। ৰজাই মুখীয়াল
মুখীয়াল মোৱামৰীয়া কিছু মানক ধৰি ধৰি অনাই শূলত
দিয়ালে। মোৱামৰীয়াই বিদ্ৰোহ এৰি গৌৰীনাথ সিংহৰ
শৰণাপন্ন হল।
ৰজাৰ অনুৰোধত কাপ্তান ছাহাব এমাহ ৰংপুৰত থাকি
আমোদ প্ৰমোদ কৰি, হাবি বননিত চিকাৰ খেলি আৰু
বুঢ়া গোঁহাইৰ অনুৰোধ মতে তেওঁ গঠন কৰা ৫০০ আহোম
ৰণুৱাক ইওৰোপীয় ধৰণে কাবাজ পেৰেড শিকাই ৰূপবান,
নজৰ, ভাৰ ভেটী লৈ ৰংপুৰলৈ উলটিল। ৰজাই নিজেই
দন্দুৱাদ্ৰোহ নিবাৰণ কৰি ৰাখিম বুলি কোৱাত কামৰূপৰ
দন্দুৱাদ্ৰোহ নিবাৰণ কৰিবলৈ নৰল। কিন্তু বিজনি, কোচ
বিহাৰ আৰু দৰঙ্গলৈ চিঠি লেখি দিলে তেওঁলোকে যেন
কামৰূপীয়াক আৰু সহায় নকৰে। যদি সহায় কৰে তেন্তে
আগলৈ ইংৰাজে সৈতে তেওঁলোকৰ ৰণ হব।
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে