পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলিতাৰ কন্যা কোচক, দিবলৈ হলে সি আত্মহত্যাকে কৰিব।
 গৃহিণী—তেন্তে মোৰ মতে আৰু সৰু ডাঙ্গৰীয়াৰ মত সম্পূৰ্ণ মিল হৈছে। আপুনি কোচ কুমাৰক বিদায় দিয়ক আৰু মহীৰাম উলটি আহিলে তাতে মাইছানাক বিয়া দি ঘৰতে ৰাখক।
 হৰদত্ত—মাইছানাৰ মাক! তুমি কথাটো যিমান সহজ দেখিছা মই হলে সিমান সহজ দেখা নাই। কোচ ৰাজ- কুমাৰক এতিয়াই বিদায় দিলে কোচ সৈন্য সমস্ত গুচি যাব; আন কি দৰঙ্গ আৰু বিজনীৰ বিলাকো যাব। তেতিয়া অকল কামৰূপীয়া আৰু শিখ তিনিশ লৈ আহোমক বলে পৰাটো টান হৈ উঠিব। ইয়াৰ উপৰিও মহীৰামো যে চিৰকালে মোৰ ঘৰত চপনীয়া থাকিব সেইটোও মই আশা কৰিব নোৱাৰোঁ। যদিও সৰুতে তাৰ বুজ বিচাৰ লওঁতা কোনো নাছিল তথাপি এতিয়া যে তাৰ বৰ বাপেক আৰু ভাই ভাগিবিলাক নোলাব এনেটোও নাভাবিবা। সিহঁতে তাক জানো চপনীয়া থাকিব দিব?
 গৃহিণী—আপুনি বাৰু অহা বাৰৰ ৰণলৈকে কোচ কুমাৰক ৰাখক। মহীৰামক চপনীয়া ৰখা বিষয়ে মই জগৰীয়া ৰলোঁ। আপুনি মোৰ কথা ৰাখক। মহীৰামলৈকে পদুমক বিয়া দিয়ক।