পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিব, এই বিষয়ে খেচ-খেচাবও ধৰিলে হৰদত্তই “বাৰু চাওঁ; সময় আছে”। ইত্যাদি ৰূপে বুজন দি কোচ কুমাৰৰ আও-ভাও দেখি বিমষ ভাবে দিন নিয়াব ধৰিলে।

⸻—


সপ্তবিংশ অধ্যায়।
বৰুৱা—বৰুৱানী।

 মহীৰাম যোৱাৰ সাতদিন মানৰ পিচত এ নিশা আকৌ পদ্মকুমাৰীৰ টোপনি অহা যেন অনুমান কৰি হৰদত্ত বৰুৱাই ঘৈণীয়েকক কলে:—
 “মইছানাৰ মাক! কোচ ৰাজকুমাৰে মাইছানাক বিয়া কৰাবলৈ উত্ৰাৱল হোৱাদি হৈছে।
 গৃহিণী—“বাৰু আমাৰ ইয়াত তেওঁ চপনীয়া হবলৈ গাত লৈছে নে?
 হৰদত্ত— সেইটোত তেওঁ কোনো প্ৰকাৰে সম্মত নহয়। তেওঁ কয় যে বাহুৱলী বীৰৰ আৰু ৰজাৰ ঘৰৰ লৰাই কোনো কালে কতো চপনীয়া থকা নাই। তেওঁনো কেনেকৈ আত্ম-সন্মান নষ্ট কৰি সেইটো কাম কৰিব। তেওঁ ইয়াকো কয় যে তেওঁ মাইছানাৰ লগতে আমাকো তুলি লৈ গই