পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁবিলাকে ওচৰৰ ৰংপুৰত থকা প্ৰচণ্ড প্ৰতাপী ইংৰাজৰ সহায় নললে শত্ৰু দমন কৰি আহোম ৰাজ্য ৰক্ষা কৰা টান হব। ইয়াকে থাৱৰ কৰি উভয়ে পৰামৰ্শ কৰি কলিকতাৰ লাট চাহাবলৈ অসম ৰাজ্যৰ বিদ্ৰোহ আৰু হুলস্থূল বিলাক থমাই শান্তি স্থাপন কৰিবলৈ সহায় খুজি কটকি এযোৰা পঠালে। পুহ মাহতে কটকি নাৱেৰে গই ৪ চাৰিমাহে কলিকতা পালেগৈ। লাটৰ ওচৰ চাপোঁতে চাপোঁতে এমাহ গল। লাটে অনেক বিবেচনাৰ ওপৰত ৰংপুৰত থকা কাপ্তান ওৱেল্‌ছক গৌৰীনাথ সিংহক সহায় কৰিবলৈ আদেশ দিলে। সেই আদেশ পাওঁতে পাওঁতে জেঠ পৰিল। কাপ্তান ওৱেলছে “বাৰিষাৰ অন্তে খৰালি হে সহায় কৰিবলৈ যাব পাৰিম” ৺গৌৰীনাথ সিংহ স্বৰ্গ দেৱলৈ জনাই পঠালে।
 ইফালে মাঘ মাহৰে পৰা দৰঙ্গৰ ৰজা আৰু কামৰূপী- য়াৰে সৈতে আকৌ আহোমৰ ৰণ লাগিল। দৰঙ্গৰ ৰজাই আহোমক একেবাৰে দৰঙ্গ আৰু খাগৰিজান জিলাৰ পৰা উলিয়াই পঠালে। কামৰূপৰ তিনিউদুৱাৰতে তয়া-ময়া ৰণ হল। পঞ্জাৱৰ শিখ, আৰু বিজনী দৰঙ্গ, কোচবেহাৰৰ কোচ, আৰু কামৰূপীয়াৰ প্ৰজা সৈন্যৰ আগত আহোম তিষ্ঠিব নোৱাৰি আকৌ গুৱাহাটীলৈ উলটি আহিল। আকৌ দত্ত বীৰদত্তৰে জয় হল।