পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জিকি বৰ আনন্দ পালে। আকৌ দ্বিতীয়বাৰ ঢেকেৰিৰ হাতত পৰাজিত হৈ বৰফুকন বৰ ম্ৰিয়মান হল। কিন্তু ম্ৰিয়মান হলেও বৰফুকনে আকৌ সি বছৰলৈ যুঁজিবৰ আয়োজনত ৰল। কামৰূপীয়াৰ ঘৰে ঘৰে আনন্দ উলাহৰ সোঁত বলে।


একবিংশ অধ্যায়।

হৰদত্তৰ গৃহিণী।

 এই বাৰৰ ৰণত যদিও কামরূপীয়া জিকিল তথাপি প্ৰায় ছয় সাত হাজাৰ মানুহ যুঁজত মৰাত কামৰূপীয়াৰ ঘৰে ঘৰে কান্দোনৰ ৰোলও উঠিল। বৰফুকনে কামৰূপীয়াৰ বীৰত্ত্বত তধা মানিব লগাত পৰিল। কামৰূপীয়া মানুহে হৰদত্ত বীৰদত্তৰ বীৰত্ব বখানি ঠায়ে ঠায়ে গীত পদো গাব ধৰিলে।

 যুদ্ধ বিগ্ৰহত লাগি থকাৰ বাবে আমি পদুম আৰু মহীৰামৰ প্ৰণয় কাহিনীৰ বিষয়ে কব পৰা নাই। সেই বাবে আমাক ডেকাগাভৰু সকলে যেন ক্ষমা কৰে। পদুমৰ উঠি অহা যৌবনৰ ৰূপত মহীৰাম যেনেকৈ দিনক দিনে মোহিত হৈছিল পদুমেও সেই দৰে মহীৰামৰ বীৰত্বক