পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিংশ অধ্যায়
১৭৮৯ শকৰ ৰণ।

 গত বছৰৰ দৰে এই বছৰো মাঘ মাহতে উভয় দলৰ ৰণৰ আয়োজন হল। ৰণ আৰম্ভ কৰাৰ আগেয়ে বদন বৰফুকনে কটকিৰ হতুৱাই হৰদত্তলৈ এই চিঠি দিয়ালে—
 হৰদত্ত চৌধাৰী,
 “উই পৰুৱাই মৰিবৰ সময়ত পাখি গজি উৰিবলৈ ধৰাৰ দৰে তয়ো মোৰ আৰু আমাৰ ৰজাৰ বিদ্ৰোহ আচৰণ কৰি, নাশ পাবলৈ ওলাইছ। তই বুজা নাই নে মই তহঁতক, তোৰ নাতি-পুতি বঙহ পৰিয়াল সকলোকে ধ্বংস কৰিম। যদি ৰক্ষা পাব খোজ এতিয়াও সময় আছে। যুজ এৰি তই আত্ম সমৰ্পণ কৰি শৰণাগত হহি তেতিয়া তোক মই ক্ষমা কৰিলেও কৰিব পাৰো। কিন্তু তোৰ ভায়েৰ বীৰদত্তক ক্ষমা সহজে নকৰিম। ” ইতি—
 এই পত্ৰ পাই হৰদত বীৰদতে কামৰূপীয়া আন আন বৰুয়া চৌধাৰী সকলে সৈতে পৰামৰ্শ কৰি এইদৰে উত্তৰ দিলে :—
 বদন বৰফুকন,
 তোমাৰ পত্ৰ পালোঁ। গল বেলি যুঁজত হাৰিও তোমাৰ লাজ নহল। তোমালোক আহোমে আমাৰ কাম-