নিৰাশা। তাই কিন্তু সুন্দৰী। ক’ৰ ছোৱালী কি কথা তালৈ তাই কিয় আহিছে এইবোৰ কথা টমে ভাবি ভাবি গৈ আছে। টমে তাইক চিনি নেপায় কিন্তু দলৰ আনবোৰে তাইক ভালকৈ চিনি পাইছিল। তাইক দেখি সিহঁতৰ কুন্ধচ্ মুখতো আনন্দৰ ৰেখা ওলাইছিল। সিতেৰ ৰং চাই কোনে?
“অ, পাছত আহিব লাগিল নহয়, বৰ ৰং পাইছোঁ হঁক” এজনে কলে।
আৰু এজনে.কলে, “কেনে মজা। এতিয়া মজা পাবা, আইদেউ এই কামত কি সুখ।”
তাই এনে কথাবোৰ ফালে কাণ নিদি, কোনো ফালে নেচাই উন্নত মস্তক আৰু মন লৈ যাব ধৰিলে। টমৰ লগত কথা একো নেপাতি তাই টমৰ ওচৰে ওচৰে যাব ধৰিলে।
কাম আৰম্ভ হ’ল। টম কামত পকা। কাম কৰি আছে। মাজে মাজে তাইৰ ফালে চাই আছে। টমে দেখিলে যে, তাই কাম সুন্দৰে কৰি আছে, পট্-পটকৈ কপাহ তুলি বাগিচাৰ নিৰ্দ্ধাৰিত পাচিত ভৰাইছে (এই আমাৰ আসামত চাহ বাগিচাৰ পাচিবোৰৰ দৰে আৰু)। তাইৰ সকলো কামতে “বেপাৰোৱা” ব্যৱহাৰ। কাম কৰোঁতে কৰোঁতে টমে এজনী মিউলাটো ছোৱালীয়ে কাম কৰা ঠাই পালে গৈ। এই ছোৱালীজনীক টমৰ লগতে কিনা হয়। টমে দেখিলে যে, তাই সেই দিনা আৰু কাম কৰিব নোৱাৰে, তাই বেমাৰী⸺