পৃষ্ঠা:দদাইৰ পজা.pdf/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
দদাইৰ পজা

কৰিব। সেই বুলি মন টান কৰাৰ দৰব দিবলৈ আৰম্ভ কৰিলে।

 বাগিচাৰ কাম কৰিবলৈ যোৱাৰ সময়ত টমে এদিন পুৱা দেখিলে যে, তেওঁলোকৰ কাম কৰা মানুহৰ ভিতৰত এজনী নতুন ছোৱালী আহিছে। এই ছোৱালীজনীক দেখিলে বয়স পঁয়ত্ৰিশ্ কি চল্লিশ্ বুলি মনত হয়। “ছোৱালী” কথাটী মোৰ, অনুবাদকৰ। মানুহ “লৰা” বয়সত মাথোন্ নহয়, বহুত বুঢ়া মানুহো ল’ৰাৰ সমকক্ষ। আৰু ছোৱালীৰ বিষয়েও সেই একে কথা। সেই দেখিয়েই মই এই মানুহজনীক ছোৱালী বুলিছোঁ। তাইৰ মুখ এবাৰ দেখিলে কেতিয়াও পাহৰা নেযায়। আৰু মুখখনি দেখিলেই মনত হয়, যেন তাইৰ মনত কিবা দুখ আছে। সেই দুখেৰে ভৰা মুখৰ ভিতৰৰ পৰাও সৌন্দৰ্য ফুটি ওলাইছে। ভৰি হাত তাইৰ সুন্দৰ, কাপোৰ সুন্দৰ, সকলো ব্যৱহাৰেই তাইৰ সুন্দৰ। ইমান বয়সৰ হলেও তাইৰ যৌৱনশ্ৰী এতিয়াও বৰ্ত্তমান। দুখ আৰু সৌন্দৰ্যৰ ইমান সামঞ্জস্য ৰাখি এই বয়সলৈকে অতি কম ছোৱালীকে থকা দেখা যায়। আমাৰ এই কেসিৰ ইতিহাস বিচিত্ৰ। আশা কৰোঁ, তোমালোকে ইংৰাজীত টম দদাইৰ পজা পঢ়িবা। ডাঙ্গৰ খন। তেনে- হলে সকলো কথা সকলো বিষয়ৰে বহলাই বুজিবা। এই কিতাপ খনিত মুঠেই উনুকিয়াইছোঁহে মাথোন। অসমীয়া ভাষাত এনে এখন কিতাপৰ অনুবাদ মই দেখা