এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮০
দদাইৰ পজা

এ খোটালীলৈ যায়, দেখে সকলো খোটালীয়েই একে ধৰণৰ। শুবৰ নিমিত্তে খাট কি চাং একো নাই, মজিয়াতে খেৰ পতা আছে, তাৰে ওপৰত শুবৰ ব্যৱস্থা। স্যাম্বোক নতভাবে শুধিলে, “ইয়াৰ কোনটো মোৰ হব?”

 “নোৱাৰো কব, এই খোটালীটোতে থাকিব পাৰ। ইয়াত বহুতো নিগাৰ আছে, এজনৰ নিমিত্তে ঠাই হব পাৰে। ইয়াতে থাক।”

 গধূলি, কাম কৰি, ভাগৰ লাগি এই ঘৰবোৰত থকা মুনিহ তিৰুতা বনুৱাবোৰ জাকে জাকে নিজত ঘৰৰ ফালে আহিল। সিহঁতৰ কাপোৰ-কাণি ফটা, মুখত হাঁহি নাই, গা-মুখ মলিৰে ভৰা। ভোকত জ্বলি পকি আহি সিহঁত ঘৰ পালেহি। নতুন মানুহ আহি সিহঁতৰ সৰু খোটালীৰ ভাগ ল’ব এই কথা নিশ্চয়ে সিহঁতৰ ভাল লগা নাছিল। এই বনুৱাবোৰে পুৱাৰে পৰা গধূলিলৈকে এখন্তক বিশ্ৰাম নোলাৱাকৈ কাম কৰি ঘৰ পালেহি। অলপ জিৰালেই কোব। এতিয়ালৈকে সিহঁতৰ খোৱা হোৱা নাই। যাঁতাত পিহা হ'লেহে আটা হ’ব। তেতিয়াহে খোৱা বস্তু হ’ব। টমৰ বৰ ভোক, কিন্তু কি কৰিব? নিৰুপায়।

 কুইম্বোই এনেতে আহি এটা থৈলা টমৰ ফালে দলি- য়াই দি ক'লে, “এই, নিগাৰ, ধৰ, এইয়া এসপ্তাহৰ খোৰাক। সাতদিনৰ ভিতৰত আৰু একো নেপাৱ। সাৱধান।”

 ৰাতি বহুত পৰ বাট চাই টমে যাঁতা-ঘাৰত ঠাই পালে।