এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৯
দদাইৰ পজা

 “মই নকৰিম নে, দেউতা” এই দুটা নীগ্ৰোই লেগ্ৰীৰ বাগিচাৰ প্ৰধান বিষয়া প্ৰধান ভৃত্য। লেগ্ৰীয়ে কুকুৰবিলাকক যেনেকৈ ভয় লগা কামবোৰ শিকাইছিল তেনেকৈ এই দুটা মানুহকো পশুতকৈও অধম কাম কৰিবলৈ শিকাইছিল। যেনে প্ৰভু, তেনে ভৃত্য। মই “পশুতকৈ অধম” কৈ পশুক অপমান কৰিছোঁ বুলিহে ভাবিছোঁ।

 স্যাম্বো আৰু কুইন্বো মিত্ৰ নাছিল, শত্ৰু। স্যাম্বোই কুইম্বোক কুইম্বোই স্যাম্বোক দোৰ্ঘোৰ ঘিণাইছিল। আৰু বাগিচাৰ সকলো বনুৱাই এই দুটা মানুহক ঘিণাইছিল। লেগ্ৰী টেঙ্গৰ। এই তিনি দল মানুহ হোৱাত লেগ্ৰীৰ সুবিধা হ’ল। বাগিচাত কি হৈছে এদলে থিৰাং বাতৰি দিবই দিব। সেই দেখি লেগ্ৰীৰ ইয়াতো বৰ আনন্দ। অসৎ মানুহে অসৎ কামক প্ৰশ্ৰয় দিয়ে।

 “স্যাম্বো, ইহঁতক থকা ঠাইলৈ লৈ যা।”

 টম্ স্যাম্বোৰ পাছে পাছে গ'ল। লেগ্ৰীৰ ঘৰৰ পৰা বহুত দূৰৈত ইহঁতৰ থকা ঘৰবোৰ সাৰিয়ে সাৰিয়ে আছে। টমে এনে মানুহ থকা এনে ঘৰ কেতিয়াও দেখা নাই। বেচাৰা টমে ভাবিছিল যে, কম হলেও ভগা হওক চিগা হওক এটি সৰু পজা তেওঁৰ ভাগত পৰিব। সেই পজা নিজে চাফ- চিকণ কৰি থব পাৰিব, শ্বেল্‌ফ এখনত বাইবেল থব পাৰিব, নিজে অলপ নিৰ্জ্জনত থাকি ভগবানৰ নাম ল’ব পাৰিব। কিন্তু ঘৰৰ অৱস্থা দেখি টম্‌ নিৰাশ হ’ল। এ খোটালীৰ পৰা