এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৬
দদাইৰ পজা

পাছত নিজ মূৰ্ত্তি ধাৰণ কৰি লেগ্ৰী গোলামবোৰৰ ওচৰলৈ আহিল। টমৰ কাপোৰ কানি ভাল মানুহৰ দৰে আছিল। লেগ্ৰীৰ দৰে মানুহৰ এনে কথা সহ্য নহল। টমৰ আগত থিয় হৈ হুকুম দিলে “থিয় হ।” টম্ থিয় হ'ল।

 “ষ্টক ডাল ( ডিঙ্গিত বন্ধ “নেকটাইৰ দৰে এক ৰকম পৰিচ্ছদ) খুলি পেলা।” টমৰ ভৰিয়ে হাতে শিকলি। কোনো ৰকমে খুলিবলৈ আৰম্ভ কৰোতেই লেগ্ৰীয়ে একে- টানেই তাক খুলি পেলালে। খুলিয়েই নিজৰ জেপত ভৰালে। লেগ্ৰীয়ে টমৰ পেৰা খুলিবলৈ ধৰিলে। পেৰাটোৰ পৰা পুৰণা ফটা কোট পেণ্টেলুন উলিয়াই সেইবোৰ পিন্ধিবলৈ হুকুম দিলে। মালপত্ৰৰ মাজৰ এডোখৰ ঠাইকে আৰ বুলি আশ্ৰয় লৈ টমে কাপোৰ সলাই আহিল।

 "জোতা খোল” আকৌ হুকুম। জোতা খুলিলে। এজোৰ গধুৰ আৰু ডাঠ জোতা টমৰ ফালে পেলাই দি কলে, “এই জোৰ পিন্ধ।”

 টমে কাপোৰ সলাওঁতে আন জোৰ স্যূটৰ জেপৰ পৰা বাইবেল খনি এই স্যূটৰ জেপ এটাত ভৰাইছিল। বাই- বেল খনি ৰক্ষা পৰিল।

 টমৰ হাতকড়া লগাই লেগ্ৰীয়ে টমৰ জেপত হাত দিলে। পাটৰ উৰ্ম্মাল এখন পাই সেই খনো জেপত ভৰালে। ইটো সিটো জেপ বিচাৰোঁতে এখন “মেথডিষ্ট” সকলৰ ঈশ্বৰ-নাম-কিতাপ (Hymn bools) পাই কলে “হোঁ—