পৃষ্ঠা:দদাইৰ পজা.pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
দদাইৰ পজা ৷
 

নহয়, ভাল মানুহ নহয়, সভাসদজনো নহয়; কেতবোৰ মানুহ একে লগে থাকিলে এনে এটা সম্ভম বাক্য প্ৰয়োগ কৰিব লাগে। সেই দেখিয়েই জৰ্জে “জেন্টেলম্যান” বুলি সিহঁতক সম্বোধন কৰিছিল। নহ’লে ইহঁত ক’ৰ “জেন্টেলম্যান”?) আপোনা সকল কোন? “আপোনা সকল ইয়ালৈ কিয় আহিছে? আপোনা সকলক কি লাগে?”

 টম্ লোকাৰ বোলা মানুহটোৱে কলে, “আমি কেটামান পলাই অহা নিগাৰ মানুহক বিচাৰি আহিছোঁ। জৰ্জ হেৰিস, ইলাইজা হেৰিস, আৰ তেহেঁতৰ লৰাক বিচাৰি আহিছোঁ। জিম্ স্বেলডেন বুলি মানুহ এটা আৰু এজনী বুঢ়ীকো লাগে। আমাৰ লগত কনিষ্টবল, ৱাৰেণ্ট সকলো ঠিকঠাক আছে। আমি সিহঁতক ধৰি লৈ যামেই যাম। তইয়েই জৰ্জ হেৰিস্ নহৱ নে, কেনটাকিৰ শ্বেলবি কাউণ্টিৰ মিঃ হেৰিস্‌ৰ গোলাম?

 “মই জৰ্জ হেৰিস্ হওঁ, সঁচা। কেণ্টাকিৰ মিঃ হেৰিস্ বুলি এজন মানুহে কিছু দিন আগেয়ে মোক তেওঁৰ সম্পত্তি বুলি কৈছিল। কিন্তু মই এতিয়া মুক্ত, স্বাধীন। মোৰ লৰা আৰু তিৰুতাক মই নিজৰ বুলি এতিয়া ডাঠকৈ কব পাৰেঁ। জিম্ আৰু তাৰ মাকো ইয়াত আছে। আৰু এটা কথা কওঁ শুনা— আমাৰ হাতত বন্দুকগুলি আছে। আমি সহজে ধৰা নিদিম। তোমালোকে আমাক ধৰিব আহিব খুজিলে আহিব পাৰা, কিন্তু এই কথা থিৰাংকৈ জানি লোৱা, তোমালোকৰ যিজনেই প্ৰথমে