এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৪
দদাইৰ পজা৷
 

 বৰফে ঢাকা বাটে দি গাড়ীখন ঘৰ্ঘৰ গৰ্গৰ কৰি হেলি দুলি নিজৰ যাব লগীয়া বাটে দি গ’ল।




 গাড়ী গৈ আছে, গৈ আছে। জৰ্জৰ কাণ, চকু, মন সেই এক ফালে, যি ফালৰ পৰা বিপদৰ সম্ভৱ। ৰাতি তিনিমান বজাৰ সময়ত জৰ্জে ঘোড়াই দোঁড়ি অহাৰ শবদ শুনিলে। ফিনিএসক সেই বিষয়ে জনোৱাত তেওঁ গাড়ীখন ৰখালে। ক’লে, “সেইয়া নিশ্চয় মাইকেল, তাৰ ঘোড়া চেকুৰুৱাৰ শবদ শুনিয়েই মই গম পাইছোঁ।”

 আটায়ে বাট চাই আছে। অলপ পৰ পাছত মাইকেল ঘোড়া চেকুৰাই সেই খিনি পালেহি। মাইকেলৰ ঘোড়া চেকুৰুৱাৰ কি ক্ষমতা, কি দৃঢ়তা। মাইকেলৰ দৰে বন্ধু থাকিলে, ফিনিএসৰ দৰে সাৰথী থাকিলে বিপদক আগ বাঢ়ি বৰণ কৰিবলৈ মন যায়। জগত-কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৈছে—“বিপদে মোৰে ৰক্ষা কৰ এ নহে মোৰ প্ৰাৰ্থনা, বিপদে যেন না কৰি কোন ভয়”। অতি সুন্দৰ কথা। মাইকেল, ফিনিএস আৰু এনে আন মানুহ লগত থাকিলে বিপদ হয়তো বা সম্পদেই হব পাৰে।

 মাইকেলে কলে, “ফিনিএস তই নে?”

 “হয় কি বাতৰি ভাই? সিহঁত আহিছে নে কি?”

 “আঠটা কি দহটা পাছে পাছে অহিছে—ভোকত—মৰা বাঘৰ দৰে আহিছে।”