পৃষ্ঠা:দদাইৰ পজা.pdf/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
দদাইৰ পজা

বেচিব গৈ। তাইক বেচি সিহঁতে ষোল শ কি ওঠৰ শ ডলাৰ পাব বুলি ভাবিছে। এই সৰু লৰাটীক যি তাক কিনি- ছিল তালৈ পঠিয়াই দিয়া হ'ব। জিম্ আৰু তাৰ মাকক কেন্টাকিলৈ সিহঁতৰ গৰাকীৰ ঘৰলৈ পঠোৱা হব। সিহঁতে দুটা কনিষ্ঠবলকো লগত আনিব। সিহঁতৰে এজনে জজৰ ওচৰলৈ গৈ শপত খাই কব যে, এই ছোৱালী তাৰ গোলাম। সিহঁতৰ কথা বতৰাৰ দ্বাৰাই গম পালোঁ, আমি কোন বাট্ট আজি ৰাতি লম সিহঁতে জানে। আঠ জন মানুহ, আমাৰ পাছ লব। এতিয়া কি কৰা ভাল তাকেহে আমাৰ আলচা ভাল।” এই কথা শুনি আটায়ে স্তম্ভিত হ’ল। সকলোৱে নিশ্চল, নিৰ্ব্বাক্। ইলাইজাই গিৰীয়েকৰ সাবট মাৰি ধৰি মুখৰ ফালে চালে। জৰ্জে হাত দুখন মুঠা কৰি উত্তেজিত ভাবে থিয় হৈ ৰ'ল। এই ছবিটি চিত্ৰকৰৰহে উপযুক্ত। কাপৰ উপযুক্ত নহয়।

 ইলাইজাই জৰ্জৰ মুখৰ ফালে চাই কলে, “জৰ্জ, আমি এতিয়া কি কৰিম?”

 জৰ্জে নিজৰ খোটালীলৈ গৈ পিস্তল দুটা লাৰি চাই ক'লে, “মই জানোঁ কি কৰিম।”

 ফিনিএসে স্বাইমনক ক'লে, “চোৱা এতিয়া স্বাইমন চোৱা—কি হয় এতিয়া চোৱা।”

 হুমুনিয়াহ এটা কাঢ়ি ইমনে ক'লে, “মই ঈশ্বৰৰ চৰণত এই ভিক্ষা মাগোঁ যেন কোনো দুৰ্ঘটনা নঘটে।”