পৃষ্ঠা:দদাইৰ পজা.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
দদাইৰ পজা

 ফিনিত্ৰসে ক'লে “এৰা, মই শুনি আহিছোঁ। মই কোনো কোনো ঠাইত যেতিয়া শোঁও মই মোৰ এখন কাণসাৰে থৈ[১] শোঁও।” ই যে ভাল কথা মই সদাই কওঁ। কালি ৰাতি এটি খাদ্যাশ্ৰমত ( টেভাৰ্ণ ) জিৰাইছিলোঁ। গোটাই দিন গাড়ী চলাই চলাই বৰ ভাগৰ লাগিছিল। ৰাতি খাই বৈ বস্তা কেত বোৰৰ ওপৰত বহি থাকোঁতে থাকোঁতে এনে টোপনী আহিল যে, মই বাগৰ দিলোঁ।”

 “এখন “কাণ সাৰে থৈ,” ফিনি এস্?”

 নহয় এই বাৰ মোৰ কাণেও শুইছিল। ইমান যে ভাগৰ লাগিছিল কি ক'ম।” দুঘণ্টামান পৰৰ পাছত সাৰ পাই শুনোঁ যে, কেটামান মানুহে ওচৰৰ খোটালী এটাতে মদ খাই কথা পাতি আছে। সিহঁতে “কুয়েকাৰ” “কুয়েকাৰ" বুলি কোৱা শুনিলোঁ হেনে জানি মই ভাবিলোঁ যে, অলপ পৰ তলকা মাৰি থাকোঁ চোন্ বাৰু কি হয় শুনোঁ। তাৰ পাছত শুনিলোঁ, ‘তেনেহলে সিহঁত কুয়েকাৰ বস্তিত’। তেতিয়া মই এখন কাণেৰে শুনা এৰি দুখন কাণেৰে শুনিবলৈ ধৰিলোঁ।

 শুনিলোঁ এই। এই ডেকা-লৰাটীক কেণ্টাকিৰ তাৰ গৰা- কীৰ ওচৰলৈ পঠাই দিয়া হব। গৰাকীয়ে তাক উপযুক্ত শাস্তি দি আনবোৰ নিগাৰক পলোৱাৰ কি ফল দেখুয়াব।

আৰু তাৰ ঘৈণীয়েকক সিহঁতৰে ভিতৰত দুজনে নিউ অৰলীন্সত

  1. ইংৰাজীত আছে "Sleep with one ear open” ইয়াৰ মানে কাণ সাৰ কাণ সঁহাৰি মাৰি শোৱাও হয়।