পৃষ্ঠা:দদাইৰ পজা.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
দদাইৰ পজা

যাব, কি খাব সেই তেনেবোৰ কথাকে ৰেচেলে সেই দিনা ভাবিছিল।

 বেলি মাৰ যাঁও যাঁও হৈছে এনে সময়ত জৰ্জ আৰু ইলাইজাই তেওঁলোকৰ খোটালীত বহি কথা পাতি আছে। দুইয়ো যেন কান্দিছিল এনে অনুমান হয়।

 “হয়, ইলাইজা, তুমি বৰ ভাল ছোৱালী” জৰ্জে ক'লে,- “মোৰকৈ শতগুণে ভাল। ইলাইজো তুমি কোৱা কথা মই শুনিম। বাইবৈল দিনৌ পঢ়িম আৰু মনৰ পৰা সকলো অসদ্ভাব দূৰ কৰিম। ইলাইজা মই তোমাৰ উপযুক্ত স্বামী হবলৈ চেষ্টা কৰিম।”

 ইলাইজাই ক'লে, “মই কাপোৰ-কাণি সিব জানোঁ, তৈয়াৰ কৰিব জানোঁ। কাপোৰ-কানি ধুবও জানোঁ আৰু ইস্ত্ৰি কৰিবও জানো। কেনেডালৈ গৈ আমি দুয়ো দুইৰো সহায় হৈ দিন কটাম, দেই।”

 “হয় ইলাইজা, তুমি, হেৰি আৰু মই একে লগে থাকিব পাৰিলেই হয়।”

 স্বাইমন হেলিডেই জৰ্জক বাহিৰলৈ মাতি লৈ গ'ল। তেওঁৰ লগত ফিনিএস ফ্লেচাৰ বুলি আৰু এজন কুয়েকাৰ আছিল।

 স্বাইমনে ক'লে, “বন্ধু ফিনিসে তোমালোকৰ সম্পৰ্কীয় বিশেষ এটা বাতৰি লৈ আহিছে। তোমালোকৰ সেই বিষয়ে শুনা ভাল। শুনা।”