এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৪
দদাইৰ পজা

 “কিন্তু দেউতা, মোৰ নিমিত্তে আপোনা সকলে কিয় ইমান কষ্ট পাব? এই কথা অশোভন হব। আপোনা সকলে মোক ইমান দয়া কৰিছে, তাৰ পাছত যদি মোৰ নিমিত্তে আপোনাসকলৰ বিপদ হয়, তেনেহলে মই কেনেকৈ নিজক মানুহ বুলি কম?”

 স্বাইমনে ক'লে, “বন্ধু জৰ্জ” তেনেহলে অকণো ভয় নকৰিবি। তহঁতৰ নিমিত্তে আমি এনে কাম নকৰোঁ। ঈশ্বৰৰ কাম বুলিহে এনে কাম আমি কৰোঁ। আৰু মানুহ জাতিৰ নিমিত্তে আমি এই কাম কৰোঁ। জৰ্জ, এতিয়া দিনটো বিশ্ৰাম কৰ। শোগৈ যা। ৰাতি দহ বজাত ফিনিএস্ ফ্লেচাৰ আহি তহঁতক আনটো আড্ডালৈ লৈ যাব কিয়নো তহঁতৰ পাছে পাছে তহঁতক বিচৰা মানুহেবোৰ আহিছে, মই জানোঁ।”

 “তেনেহলে আমি সাঁজলৈ নো কিয় ইয়াত থাকোঁ?”

 “দিনত তহঁতৰ কোনো ভয় নাই। এই বসতিত তহঁতৰ সকলোৱেই বন্ধু। তহঁত বন্ধুৰ মাজত। আটায়ে তহঁতৰ উপকাৰী আৰু তেওঁলোকে তহঁতৰ কেতিয়াও অপকাৰ হবলৈ নিদিয়ে। ৰাতি অহা-যোৱা কৰাই ভাল। তহঁতে ৰাতিতেই যাবি। এতিয়া যা বিশ্ৰাম কৰ গৈ।”

 সেই দিনা আবেলি ৰেচেল হেলিডেই পথিকবিলাকৰ নিমিত্তে বস্তু-বেহাণী গোটাই একেলগ কৰি থৈছিল। গৃহিণীয়ে যেনেকৈ আমাৰ ভাৰতত ঘৰৰ ই সি চাই ফুৰে তাতো সেই তেনে। ইলাইজাহঁতে লগত কি লৈ