এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫২
দদাইৰ পজা

 সেই কুয়েকাৰ পৰিয়ালৰ ঘৰত তাৰ পাছদিনা বৰ আনন্দ। ল'ৰা-ছোৱালী, মুনিহ-তিৰুতা সকলোৰে আনন্দ। ম্যাৰিৰ মাকে দোক্‌মোকালিতে উঠি আটাইকে জগালে। সকলোৱে গৃহিণীৰ একাষাৰ মাততে বিছনা এৰি উঠিল। যাৰ যাৰ যি কাম সকলোৱে কৰিবলৈ ধৰিলে। সেই ইণ্ডিয়ানা ৰাজ্যত ব্ৰেকফাষ্ট (ৰাতি পুৱাৰ প্ৰথম খোৱা) বহু আড়ম্বৰৰ কাম। বহুত ৰকম বস্তু খোৱা হয়। বহুত ৰকমৰ ৰন্ধা-বঢ়া হয়।

 মেজ, মেজৰ চাদৰ, ছুৰি, কাঁটা, মাচিয়া, সেই খোটালিৰ সকলো সৰঞ্জামৰেই যেন আজি আনন্দ। কিমান যে বস্তু ৰন্ধা হৈছিল। সকলোৰে আনন্দ। যেতিয়া জৰ্জ আৰু ইলাইজা হেৰিকলৈ শোৱা খোটালীৰ পৰা ওলাই আহিল, তেতিয়া সকলোৱে আভিবাদন কৰি আনন্দ ধ্বনি কৰিবলৈ ধৰিলে। আনন্দ প্ৰকাশ কৰাৰ পাছত সকলোৱে একেলগে খাবলৈ বহিল। এয়ে জৰ্জৰ বগা মানুহৰ লগত একে লগে বহি প্ৰথম খোৱা। পোনতে অলপ হেহোঁ নেহোঁ ভাব আহিছিল। পাছত জৰ্জৰ সেই ভাব কলৈ উড়ি গ'ল। মনৰ আনন্দৰ সন্মুখত সেই ভাব পলাল—কেনেকৈ পলাল? যেনেকৈ কুঁয়লি পলায় বেলিৰ সন্মুখত--আমি গুৱাহাটীত সেই তেনে প্ৰাকৃতিক ক্ৰিয়া জাৰকালি দেখোঁ নহয়। জৰ্জৰ মনৰ ভাব হৈছে কুঁয়লি আৰু বেলি হৈছে ৰেচেল আৰু তেওঁৰ পৰিয়ালৰ মৰম দয়া, সৰলতা।

 বৰ সুন্দৰ পৰিয়াল। এই পৰিয়াল ধৰ্ম্মভীৰু। এই