এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৬
দদাইৰ পজা

আহে যে, সেই ঘৰৰ গৰাকী কি গৰাকীয়ণী সকলো কামকে নিয়মে কৰে। এই ঘৰৰে ৰান্ধনি ঘৰৰ এখন “ইয়াত বহাঁহি, ইয়াত বহাঁহি” বুলি মতা হাওলা মাচিয়াত এজনী ছোৱালী বহি কিবা সি আছে। এই ছোৱালীজনী কোন কোৱা- চোন? এওঁ আমাৰ সেই আগৰ চিনাকী ইলাইজা।

 এওঁৰে ওচৰতে বহি আছে আৰু এজনা মহিলা। তেওঁ এটি সুন্দৰ জকমকিয়া পাত্ৰত শুকান পীচ্ ফল ভৰাই আছিল। বেয়াবোৰ পেলাই দিছিল আৰু ভালবোৰ সেই পাত্ৰত ভৰাইছিল। সুগৃহিণীৰ যেনে কাম। এখেতৰ বয়স তিনি কুড়িমান হ’ব। কিন্তু তেখেতৰ বয়স বঢ়াৰ লগে লগে সৌন্দৰ্য্যও বাঢ়িছে। বুঢ়া হলেই মানুহ অসুৱনী নহয়। যাৰ হৃদয়ত সত্য ভাৱ, সুন্দৰ ভাৱ, তেনে মানুহ বয়সৰ লগত বুঢ়া নহয় আৰু সুন্দৰ হে হয়। এই মহিলাজনও সেই ভাৱৰ।

 কুৱেকাৰৰ (quaker) বিষয়ে কিতাপৰ পাছ ফালে লেখিম। কুৱেকাৰ সকলে মানুহৰ সৈতে “দী” (thee) আৰু “দাউ” (thou) বুলি কথা কৈছিল। যেনেকৈ আমাৰ ভকত সকলে “এখেত” “তেখেত” বুলি কয়। “এখেত” “তেখেত” অলপ ওখ ভাবৰ, দূৰৈ ভাবৰ কিন্তু “দী” “দাউ” বুলিলে আৰু ওচৰ ভাবৰ। এই কুৱেকাৰ সকল ধৰ্ম্মভীৰু মানুহ। এই মহিলাজনে ইলাইজাক শুধিলে :⸺ ( “দী” আৰু “দাউ” বুলি কথা কৈছে দেই। মই কেতিয়াবা “তই” লেখিম, কেতিয়াবা “তুমি” লেখিম।)