পৃষ্ঠা:দদাইৰ পজা.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
দদাইৰ পজা

স্পেইন দেশৰ মানুহৰ দৰে, চুলি কলা, মসৃণ, সৰু সৰু কেঁকোৰাকেঁকোৰি, নাক দীঘল, পুৰুষসিংহৰ দৰে আকৃতিৰ মানুহটি দেখি সকলোৱে স্তম্ভিত হ’ল আৰু তেওঁক এজন অসাধাৰণ পুৰুষ বুলি ভাবিলে। তেওঁ অতি ধীৰ আৰু সহজ ভাবে সেই মানুহ জুমৰ ওচৰলৈ আহিল। আৰু মুৰ দোঁৱাই আশ্ৰম-লিগিৰাক তেওঁৰ পেৰাটো ক'ত থব দেখুৱাই দি, মানুহবিলাকক অভিবাদন কৰি লাহে লাহে গৈ আশ্ৰম- গৰাকীক নিজৰ নাম ধাম শ্বেলৰি কাউন্টিৰ, ওক্‌লেণ্ডৰ হেনৰি বাটলাৰ বুলি ক'লে।

 নতুন অতিথিজন অহাৰে পৰা মিঃ উইলসনে তেওঁৰ ফালে ব্যগ্ৰভাবে একে থৰে চাবলৈ ধৰিলে। মনৰ ভাব দেখি এনেহে ধাৰণা হৈছিল তেওঁ যেন সেই মানুহটিক কৰবাত দেখিছে কিন্তু ক’ত যে দেখিছিল তাক থিৰাং কৈ কব যেন নোৱাৰে।

 সেই ফালে একে থৰে চাই থাকে কিন্তু নতুন আলহিৰ উজ্জ্বল চকু তেওঁৰ ফালে গলেই আন ফালে তেওঁ চায়। লুকাভাকু আৰু। নতুন আলহৰি দৃষ্টিত কোনো সঙ্কেতেই নাই। কিন্তু মিঃ উইলসনে ভাবি ভাবি উলিয়ালে তেওঁক কত দেখিছে—তাৰ পাছত যেতিয়া মনত পৰিল তেওঁ নতুন আলহিৰ ফালে ভীত আৰু বিয়াকুল ভাবে চাই তেওঁৰ ফালে আগ বাঢ়ি আহিল। নতুন আলহিয়ে তেতিয়া চিনি পোৱা ভাও কৰি হাত আগ বঢ়াই দি ক'লে,⸺