পৃষ্ঠা:দদাইৰ পজা.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
টম্‌ দদাইৰ পজা।

 হেলিয়ে ঘোড়াক চাবুকেৰে কোবালে। ঘোড়া চেকুৰিব ধৰিলে। আৰু টমে সকলোৰে ফালে যিমান পৰলৈ দৃষ্টি যায় চাবলৈ ধৰিলে।

⸻⸻

 এ্যামেৰিকা ( America) আৰু ইউৰোপত সকলো ঠাইতে হোটেল আছে, বিশ্ৰামাগাৰ আছে ( আমাৰ দেশৰ ডাক-বঙ্গলাৰ দৰে নহয়)। সেই এনে এটি বিশ্ৰামাগৰত এদিন ডাৱৰীয়া আবেলি এজন মানুহ আহি কেণ্টাকিৰ এখন গাড়ীৰ পৰা নামিলহি। সেই বিশ্ৰামাগৰৰ এটি খোটালিত সোমাই সেই মানুহটীয়ে বহুত মানুহ দেখিলে। ডাৱৰীয়া বতৰ। কাকো লাগে মদ, কাকো লাগে চাহ, কাকো বা কফী, সকলেৱে কেনেকৈ জাৰত উম পায় সেই ভাবি সকলোৱে সেই খোটালিত সোমাই আছে। মদ খোৱা মানুহে জহকালি মদ খায় জহ খেদাবলৈ, জাৰকালি মদ খায় জাৰ খেদাবলৈ। মদ খোৱা মানুহৰ “কাৰণ” একো নাই। মদ খাবই। মন বেয়া লাগিছে। মদ খাব। মন ভাল লাগিছে। মদ খাব। মন ভালো লগা নাই, বেয়াও লগা নাই। মদ খাব। সি বাৰু যি হওক। এনে এটি খোটালিত আমাৰ পথিক জন সোমালহি। কেণ্টাকিৰ মানুহ- বোৰ সবল সুস্থ শৰীৰৰ, অসুৰ বুলিলেও ক্ষতি নাই। এই এনেবোৰ মানুহে নিজৰ সবল সুস্থ শৰীৰৰ আনন্দত, নিজৰ দৰ্পৰ ভাৰত, নিজৰ স্বাবলম্বী আত্মম্ভৰিতাত মদ খাই