পৃষ্ঠা:দদাইৰ পজা.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
টম্‌ দদাইৰ পজা।

খোটালীতে তাক শুয়াই থোৱা।” ইলাইজাই বিছনাত লৰাটিক শুয়ালে। টোপনী নহালৈকে তাৰ হাত ধৰি ইলাইজাই ওচৰতে বহি থাকিল। ইলাইজাৰ টোপনী নাই। মনত দোৰ্ঘোৰ চিন্তা। কেনেকৈ আহিব? নিষ্ঠুৰ নৈৰ ফালে চাই আছে। সিপাৰ পালেগৈয়েই মুক্তি।

 এনে কথা ভাবি আছে। এনেতে এঘণ্টামান নৌ হওঁতেই ঘোড়া চেকুৰাই হেলি সেই অতিথিশালালৈ আহিল। লগত মিঃ শ্বেলবিৰ দুজন গোলাম শ্যাম আৰু এণ্ডি। শ্যামে তাইক দেখি সতৰ্ক কৰিবৰ নিমিত্তে তাৰ টুপি বতাহে উৰাই লৈ গল, বুলি এটা চিয়ৰ মাৰি দিলে। সেই ফালে চায়েই ইলাইজা বিচূৰ্তি হ’ল। কি কৰোঁ কি নকৰোঁ হ’ল। বিমোৰ হ’ল। সেই খোটালী ঘৰটোৰ পাছ ফালে আছিল আৰু সেই মানুহ কেটা ঘোড় চেকুৰাই পাছ ফালে দি গৈ আগ বাটত ঘোড়া ৰখালে। পাঠক, ভাবি চোৱা, ইলাইজাৰ কি অৱস্থা তেতিয়া। হেৰি শুইছে। ইপিনে হেলি ঘৰ সোমালেই সিহঁতক সি ধৰিব। ভগবানৰ নাম লৈ সেই খোটালীৰ পৰা পাচ বাটে দি গৈ তাই নৈ পালে গৈ। হেৰিৰ টোপনী। হেৰি বুকুৰ মাজত। তাই বলিয়াৰ দৰে পানীত পৰিল। তাৰ পাছত এডোখৰ বৰফৰ পৰা আন এডোখৰ বৰফলৈ জাঁপ মাৰোঁতে সকলোৱে, এনেকি হেলিয়েও, ভয়ত হাত ওপৰলৈ তুলি “গ’ল গ’ল” বুলি চিয়ৰ মাৰিলে। ভগবান যাৰ সহায় তাৰ কি ভয়। সাধাৰণ অৱস্থাত ইলাইজা কি