পৃষ্ঠা:দদাইৰ পজা.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
টম্‌ দদাইৰ পজা।

যদি তেওঁ টম দদাই আৰু হেৰিক বেপাৰীটোক নেবেচে তেনেহলে তেওঁৰ সকলো সম্পত্তি খিনি যায়।”

 আন্ট ক্লোই মাত লগালে “স্বামি, তুমি ইলাইজাৰ লগত কিয় নোযাৱা? তোমাৰ যলৈকে তলৈকে যাবৰ অধিকাৰ আছে। তুমিও যোৱা। উপায় নাই। তুমিও যোৱা এতিয়াই ততালিকৈ তোমাৰ বস্তু-বেহানিবোৰ ঠিকঠাক কৰোঁ।”

 টমে কলে, “ভগবান আমাৰ সকলো নীগ্ৰো জাতিৰ সহায় হওক। ক্লো, মই নেযাওঁ। ক্লো, মই কেতিয়াও অবিশ্বাসৰ কাম কৰা নাই ক্লো, মই নেযাওঁ। দেউতা, আইৰ কোনো দোষ নাই” এনে বুলি তাৰ সন্তানবিলাকৰ পিনে চাই কলে, “ক্লো, দেউতাই তোমালোকক চাব, দেউতা দুখীয়াৰ বন্ধু, দয়াৰ সাগৰ।” এই বুলি কান্দিবলৈ ধৰিলে।

 টমৰ কান্দোন কমিলে ইলাইজাই কলে, আজিয়েই মোৰ স্বামীৰ সৈতে দেখা হৈছিল। তেওঁক তোমালোকে ক’বা মই ক্যানাডালৈ (Canada) যাওঁ। আৰু কিয় মই তালৈ যাওঁ তেওঁক কবা দেই, যদিহে তোমালোকে তেওঁৰে সৈতে কথা কবলৈ সুযোগ পোৱা।”

 সকলোৰে আশীৰ্বাদ লৈ ইলাইজা লাহে লাহে আঁতৰি গ’ল।

 ইলাইজাৰ দৰে কোনোবা নিৰাশ্ৰয়া আছে নে? তাইৰ গিৰীয়েকৰ দুখ কষ্ট আৰু তাইৰ লৰাৰ কি গতি হব, তাইৰ এইবোৰ বিলাই বিপত্তিৰ কথা ভাবি টম্ দদাইৰ ঘৰৰ