পৃষ্ঠা:দদাইৰ পজা.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
টম্‌ দদাইৰ পজা।

 মাষ্টৰ জৰ্জে কলে, “আন্ট্ ক্লো (Aunt Chloe), আজি মোৰ ঘৰত খাবৰ কথা আন্ট। কিন্তু মই জানো আন্ট্, ক’ত খালে ভাল বস্তু খাবলৈ পাম।

 “জানা তো বাপা, জানা তো মৌ (আমেৰিকাত বিশেষকৈ নীগ্ৰোৰ ভিতৰত মৰমৰ পাত্ৰ পাত্ৰীক “মৌ” Honey বুলি সম্বোধন কৰে।) তুমি জানা নহয়, তোমাৰ বুঢ়ী আন্টিৱে তোমালৈ অলপ চৰপ কিবা ৰাখিব, নহয় নে?

 তেৰ বছৰীয়া লৰাই যেনেকৈ খায় মাষ্টৰ জৰ্জে খালে। এনে খোৱাৰৰ অন্ত আছে। মাষ্টৰ জৰ্জে কলে, “আন্টি আৰু খাব নোৱাৰোঁ।” এই বুলি মোজ্ আৰু পীটক বহুত খাবলৈ বস্তু দি কলে, “হোঁ, মোজ্ পীট, ধৰ, খা। আন্ট্ ক্লো, মোজ আৰু পীটক আৰু নকৈ কেইখনমান গৰম পিঠা কৰি দিয়া।”

 তাৰ পাছত টম্ আৰু জৰ্জ জুহালৰ ওচৰত বহিল গৈ। আন্ট্ ক্লোই তেতিয়া বহি নিজেও খালে আৰু মোজ্, পীট্ আৰু পলিকো খুৱালে।

 লৰা-ছোৱালীহঁতক খুউৱা হ’লত আন্ট, ক্লোই সেই শোৱা বিছনাৰ তলৰ পৰা আৰু এখন সৰু বিছনা টানি আনি সিহঁতক শুৱাবলৈ বন্দবস্ত কৰা দেখি জৰ্জে কলে “আন্ট্ কি কৰিছা, সিহঁতো সভাত বহক। সভাখন কি চাওক। সিহঁতে এনে সভা চাবলৈ ভাল পায় মই জানোঁ।”

 আন্ট্ ক্লোই কলে, “বাৰু সিহঁত থাওক। এনে সভাত