পৃষ্ঠা:দদাইৰ পজা.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
টম্‌ দদাইৰ পজা।

 দুয়ো কিছু পৰ মনে মনে থাকি ভগবানক সূৰণ কৰি বিদায় ল’লে।

 আমাৰ দেশত যেনেকৈ চাকৰবিলাকে কয়, “মনিবৰ বাংলা” “হজুৰৰ বাংলা” যুক্তৰাজ্যত তেনেকৈ “মনিবৰ হাউস্” অথবা “হাউস্” কৈছিল। “হাউস্” যাক কয় তাৰ ওচৰতে টম্ দদাইৰ পজা। পজা বুলিলে আমি খেৰৰ ঘৰ বুজোঁ। কিন্তু এই ঘৰ কাঠৰ আছিল। তাক লগ্ ক্যাবিন (Log cabin) কয়। টমৰ ক্যাবিন (এই বাৰৰ পৰা পজা বুলি ক’ম দেই) সুৱনি আছিল আৰু সুন্দৰ ফল মূলৰ বাগিচাৰ সৰু বাৰি এডোখৰ ঘৰৰ আগতে আছিল। নীগ্ৰো গোলামৰ আদৰ্শ ঘৰ আৰু বাৰি টমৰ আছিল।

 গধূলি। ক্লো খুড়ীৰ ৰন্ধা-বঢ়া হ’ল। গিৰীয়েকক এতিয়া খুৱালেই হ’ল। গিৰীয়েকক খুৱাবলৈ ঠিকঠাক কৰিছে। চাফ খোটালী, চিকণ কাপোৰ কাণি।

 খোটালীৰ এফালে সুন্দৰভাবে সজাই পাৰি থোৱা বিছনা আৰু এই বিছনাৰ ওচৰতে তলত এখন ডাঙ্গৰ দলিচা পৰা। এই খিনিতে আন্ট্ ক্লো আহি থিয় দিলেহি। এই ডোখৰেই বিশেষ বহা ঠাই কি বৈঠকখানা, যাক ড্ৰয়িং ৰুম (ইংৰাজীত Drawing roon) কয়। সেই খোটালীৰ আৰু এফালে আৰু এখন বিছনা, সেই বিছনাত শোৱা হয়, আন খন বই মেলাৰ নিমিত্তে।

 এখন বেঞ্চিৰ ওপৰত দুটা নীগ্ৰো লৰা। সিহঁতৰ চুলি