পৃষ্ঠা:দদাইৰ পজা.pdf/১২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৱেস্‌লিয়ানও (Wesleyan) বোলে। এওঁলোকে অতি নিয়মৰ (Method) বশবৰ্ত্তী হৈ ধৰ্ম্মকৰ্ম্ম কৰে দেখি এওঁলোকক Methodist বোলে।

গুড্‌বাই (Good bye)

 বিদায় সম্ভাষণ। মানে ঈশ্বৰ তোমাৰ লগত থাওক। কেবাদিন কি বহুদিনৰ নিমিত্তে বিদায় ল’লে এই কথা ব্যৱহাৰ হয়। নহলে সাধাৰণতঃ গুড্ মৰ্নিং, গুড্ আফ্‌টাৰনূন, গুড্ ঈভ্‌নিং ব্যৱহাৰ হয়। গুড্ নাইট ৰাতি বিদায় সম্ভাষণ। দেখা হলে এই কথা ব্যৱহাৰ নহয়।

হ্যাণ্ড্‌নোট (Handnote)

 টকা ধাৰে ল’লে যি প্ৰাপ্তি স্বীকাৰ পত্ৰ লেখি দিয়া হয়। ইয়াত টিকট (ষ্ট্যাম্প) থাকিব লাগে, তেহে আইনসঙ্গত হয়।

স্বেনেটৰ

 যুক্তৰাজ্যৰ প্ৰজা প্ৰতিনিধি। যি সকল মানুহে স্বেনেট সভাত বহিব পাৰে।