পৃষ্ঠা:দদাইৰ পজা.pdf/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিদেশী কথাৰ অসমীয়া ভাঙ্গনি।


মিউলাটো (Mubatto)

 ক’লা (নীগ্ৰো) আৰু বগা মানুহৰ সন্তান।

কোৱড্‌ৰূন্ (Quadroon)

 মিউলাটো আৰু বগা মানুহৰ সন্তান।

কুৱেকাৰ (Quaker)

 জৰ্জ ফক্স নামেৰে এজন মানুহে প্ৰতিষ্ঠা কৰা ধৰ্ম্মসমাজ। ইয়াক বন্ধুসমাজ বুলিও (Society of Friends) কয়। এওঁলোক খ্ৰীষ্টান।

ডৰ্কাস্ (Doreas)

 বাইবেলত এই নামৰ উল্লেখ আছে। জপা বুলি ঠাইৰ এজন সজ কাম কৰা তিৰুতা। এই তিৰুতাজন দয়াশীল আছিল। গৰীব-দুখীক মৰম কৰিছিল। বাইবলৰ “এ্যাক্টস্ (Acts) ত এই তিৰুতাজনৰ উল্লেখ আছে। এওঁক তাত টেবিথা (Tabitha) বুলিও উল্লেখ কৰা হৈছে।

মেথডিষ্ট (Methodist)

 জন্ ৱেস্‌লি (John wesley ১৭০৩-১৭৯১) নামৰ এজন মানুহে প্ৰতিষ্ঠা কৰা এক ধৰ্ম্মসমাজ। এওঁলোকক